কলগাছিয়াত উৎসৱমুখৰ পৰিৱেশ, একাদশ কলগাছিয়া গ্ৰন্থ মেলাৰ প্ৰস্তুতি

বিস্তৃত কাৰ্যসূচীৰে ২৫ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া একাদশ গ্ৰন্থমেলাৰ প্ৰস্তুতিয়ে কলগাছিয়াত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে । বিগত বছৰবোৰতকৈ এই বেলি কলগাছিয়া একাদশ গ্ৰন্থমেলা অধিক শ সাফল্যমণ্ডিত কৰি তুলিবলৈ আয়োজক সমিতিয়ে চেষ্টা অব্যাহত ৰাখিছে ।

তথ্য অনুসৰি, এইবেলি কলগাছিয়া গ্ৰন্থমেলাত অসমৰ বিভিন্ন জিলাৰ ৪০ খনৰো অধিক বিপনীয়ে অংশগ্ৰহণ কৰিব । ২৫ ডিচেম্বৰত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ তথা কলগাছিয়া গ্ৰন্থমেলাৰ মূল কৰ্ণধাৰ আব্দুল খালেকে উদ্বোধন কৰিবলগীয়া গ্ৰন্থমেলাত চিত্ৰাংকণ, কবিতা আবৃত্তি, কুইজ, তৰ্ক, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা সন্ধান, আলোচনা চক্ৰ, স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে প্ৰতি নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জনাইছে ।

Exit mobile version