গোসাইগাঁৱৰ ভাওৰাগুৰীত তিনিদিনীয়াকৈ নৈশ ক্ৰিকেট প্ৰতিযোগিত অনুষ্ঠিত

istockphoto 177427917 612x612 1

খেলৰ প্ৰতি যুৱ-প্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ভাওৰাগুৰীতস্থিত ভাওৰাগুৰী হাস্পতাল খেলপথাৰত তিনিদিনীয়াকৈ নৈশ সট বাউণ্ডেৰী ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰে । আজি সন্ধিয়া ক্ৰিকেট প্ৰতিযোগিতাখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কচুগাঁও টিচিএলচিচিৰ চেয়াৰমেন থমাচ নাৰ্জাৰীয়ে ।

তিনিদিনীয়াকৈ আয়োজন কৰা প্ৰতিযোগিতাখনত মুঠ ২৪ টা দলে অংশগ্ৰহণ কৰিব । প্ৰতিযোগিতাটোত প্ৰথম পুৰুস্কাৰ ট্ৰফীৰ লগতে ১০,৫০১ টকা প্ৰাইচমানী আৰু দ্বিতীয় পুৰুস্কাৰ হিচাপে ট্ৰফীৰ লগতে ৬,৫০১ টকা প্ৰাইজমানীৰ তাৰ লগতে মেন অৱ দা মেচ ট্ৰফী, মেন অফ দা ছিৰিছ ট্ৰেফীৰ ব্যৱস্থা কৰিছে ।

Exit mobile version