পহিলা জানুৱাৰীৰ পৰা সলনি হ’ব ডেবিট-ক্ৰেডিট কাৰ্ডৰ নিয়ম

lc difference between debit and credit cards

অনলাইনত লেনদেন অতি সুৰক্ষিত কৰিবলৈ অহা পহিলা জানুৱাৰীৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশত ডেবিট আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰৰ ক্ষেত্ৰত গ্ৰাহকে প্ৰথমে এক পৰ্যায়ৰ অনুমতি (এ এফ এ) দিব লাগিব আৰু তাৰ পাছত কাৰ্ডৰ চিভিভি আৰু অ’টিপি জমা দিব লাগিব । তেতিয়াহে লেনদেন সম্পূৰ্ণ হ’ব ।

ADVERTISEMENT

পহিলা জানুৱাৰীৰ পৰা এনেবোৰ লেনদেনত ব্যৱহাৰ কৰিব লাগিব এনক্ৰিপটেড ট’কেন । বিশেষজ্ঞসকলৰ মতে, বৰ্তমানৰ ডেবিট-ক্ৰেডিট কাৰ্ডৰ লেনদেন পদ্ধতিৰ তুলনাত এনক্ৰিপটেড ট’কেন পদ্ধতি অধিক নিৰাপদ আৰু এই পদ্ধতিৰে চাৰিবাৰ জালিয়াতি ৰোধ কৰা সম্ভৱ ।

ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি ট’কেন প্ৰক্ৰিয়াৰ মাধ্যমৰে ডেবিট-ক্ৰেডিট কাৰ্ডৰ লেনদেনৰ ক্ষেত্ৰত প্ৰতিবাৰ কাৰ্ডৰ সবিশেষ তথ্য জমা দিব লাগিব ।

Exit mobile version