সাত বছৰত মাৰ্কিন সেনাৰ ভুলত ইৰাক-ছিৰিয়াত ১৩০০ নিৰীহৰ মৃত্যু

মাৰ্কিন আক্ৰমণত নিৰীহ নাগৰিকৰ মৃত্যুৰ তথ্য প্ৰথমবাৰ পোহৰলৈ আনিলে পেণ্টাগনৰ চোৰাংচোৱাৰ প্ৰতিবেদনে

117536610 7ccb7290 9f62 4e97 a3e1 b774f5756e69

পেণ্টাগনৰ চোৰাংচোৱাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিল । বিগত সাত বছৰত ইৰাক আৰু ছিৰিয়াত আমেৰিকাই বিশেষ অভিযানৰ জৰিয়তে সংঘটিত কৰা আক্ৰমণৰ ঘটনাত ১৩০০ৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল । আমেৰিকাই দাবী কৰা অনুসৰি, এইসমূহ অভিযান মাৰ্কিন বায়ুসেনাই অত্যাধুনিক যুদ্ধাস্ত্ৰৰ জৰিয়তে কেৱল সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংসৰ বাবে চলাইছিল । আমেৰিকাই এনে সন্ত্ৰাস বিৰোধী অভিযানত ইৰাক আৰু ছিৰিয়াত সাধাৰণ নাগৰিকৰ মৃত্যুৰ কথা স্বীকাৰ কৰা নাই ।

চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি, বিগত সাত বছৰত মাৰ্কিন সেনাই ইৰাক আৰু ছিৰিয়াত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত ভুলবশতঃ মাৰ্কিন সেনাৰ আক্ৰমণৰ বলি হৈছিল দুই দেশৰ নিৰীহ নাগৰিক । ইৰাক আৰু ছিৰিয়াত স্থানীয় নাগৰিকৰ পৰা সন্ত্ৰাসবাদীৰ ঘাটিত সন্দৰ্ভত ভুল তথ্য লাভৰ পৰিণতিত মাৰ্কিন আক্ৰমণত নিৰীহ নাগৰিকৰ মৃত্যু হোৱাৰ তথ্য প্ৰথমবাৰৰ বাবে পোহৰলৈ আনিলে পেণ্টাগনৰ চোৰাংচোৱাৰ প্ৰতিবেদনে । একেখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি যোৱা সাত বছৰত আমেৰিকাই ছিৰিয়া, ইৰাক আৰু আফগানিস্তানত প্ৰায় ৫০ হেজাৰ আক্ৰমণ সংঘটিত কৰিছিল আৰু বায়ুসেনাই এইদৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তিনি ৰাষ্ট্ৰত অভিযান চলাইছিল ।

২০১৮ৰ পাছত আফগানিস্তানত মাৰ্কিন সেনাৰ আক্ৰমণৰ ফলত ১৮৮ৰো অধিক নাগৰিকৰ মৃত্যু হোৱা বুলি মাৰ্কিন চোৰাংচোৱাই প্ৰতিবেদনত উল্লেখ কৰিছে । জুলাই ২০১৬ত ছিৰিয়াত আইছিছৰ ঘাটিত বোমাবৰ্ষণ কৰি ৮৫জন সন্ত্ৰাসবাদীক ধৰাশায়ী কৰা বুলি আমেৰিকাই দাবী কৰিছিল । কিন্তু পেণ্টাগনৰ চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ অহা অনুসৰি, মাৰ্কিন সেনাৰ লক্ষ্যভ্ৰষ্ট হৈছিল আৰু গাঁৱত হোৱা বোমাবৰ্ষণৰ ফলত ১২০ জনৰো অধিক গাঁওবাসী, মহিলা আৰু শিশুৰ মৃত্যু হৈছিল ।

Exit mobile version