চতুর্থ ক’ভিড টিকা দিয়াৰ কথা ঘোষণা কৰিলে ইজৰায়েলে । বিশ্বজুৰি অ’মিক্রন সংক্রমণ বিয়পি পৰাৰ সময়তে ৬০ বছৰৰ ঊর্ধ্বৰ নাগৰিকসকলক এই টিকা দিয়াৰ কথা ঘোষণা কৰিছে ইজৰায়েলৰ চৰকাৰে । ইজৰায়েল চৰকাৰৰ স্বাস্থ্যমন্ত্রণালয়ে নিযুক্ত বিশেষজ্ঞসকলৰ পেনেলে এই সিদ্ধান্ত লৈছে । প্রধানমন্ত্রী নাফতালি বেনেটে এই সিদ্ধান্তক স্বাগত জনাইছে ।
মঙলবাৰে দেশখনত অ’মিক্রন আক্রান্ত এজন লোকৰ মৃত্যু হয় । তাৰ পাছতেই এই সিদ্ধান্ত লয় দেশখনৰ চৰকাৰে । যদিও হাস্পাতাল কর্তৃপক্ষই জনাইছে, উক্ত লোকজনৰ একাধিক শাৰীৰিক অসুস্থতা আছিল । কৰ’না আক্রান্ত এই লোকজন দুসপ্তাহ আগতে ভর্তি হৈছিল ।
ইজৰায়েলৰ স্বাস্থ্যমন্ত্রীয়ে জনাইছে, সম্প্ৰতি দেশত ৩৪০ জন অ’মিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে । সংক্রমণ ৰোধ কৰিবলৈ ইতিমধ্যে আমেৰিকাই জার্মানী, ইটালী, তুৰস্ক, কানাডাৰ দৰে দেশসমূহৰ নাগৰিকসকলক সেই দেশত প্রৱেশ নিষেধ কৰিছে । অফিচ-কাছাৰিত উপস্থিতি ৫০ শতাংশ কৰি দিয়া হৈছে ।