‘পেবল্‌ছ’ অস্কাৰ ২০২২ৰ পৰা বাহিৰ, ‘ৰাইটিং উইথ ফায়াৰ’ মনোনীত

unnamed 4

অহা বছৰত অস্কাৰ একাডেমী বঁটাৰ বাবে আন্তৰ্জাতিক চলচ্চিত্ৰৰ শিতানত ভাৰতৰ পৰা মনোনয়ন লাভ কৰা ‘পেবল্‌ছ’ অস্কাৰ দৌৰৰ পৰা বাহিৰ হ’ল । আনহাতে, অস্কাৰ বঁটাৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে মনোনয়ন লাভ কৰিলে ‘ৰাইটিং উইথ ফায়াৰ’ ভাৰতীয় তথ্যচিত্ৰখনে ।

‘পেবল্‌ছ’-এ সমালোচকৰ পৰা উচ্চ প্ৰশংসা লাভ কৰিছিল যদিও অস্কাৰৰ পৰৱৰ্তী পৰ্যায়ত মনোনয়ন লাভত ব্যৰ্থ হ’ল । অস্কাৰ বঁটাৰ আন্তৰ্জাতিক চলচ্চিত্ৰৰ শিতানত জাপানৰ ছবি ‘ড্ৰাইভ মাই কাৰ’, ডেনমাৰ্কৰ ‘ফ্লী’, ইৰানৰ ‘এ হিৰো’ আৰু ইটালীৰ ‘দ্য হেণ্ড অৱ গড’ ছবিকেইখনে বিশেষ চৰ্চা লাভ কৰাৰ লগতে জুৰীৰ দৃষ্টি আকৰ্ষিত কৰিছে ।

Exit mobile version