বাগসাৰ পূৱ ছাফাকামাৰত ভয়ংকৰ অগ্নিকাণ্ড

কে'বাটাও পৰিয়ালৰ বিস্তৰ ক্ষতি

বাগসা জিলাৰ শালবাৰী মহকুমাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ছাফাকামাৰ গাঁৱত আজি বিয়লি এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ মুহূৰ্ততেই দাউ দাউ কৈ জ্বলি উঠা জুইত পুৰি ছাৰখাৰ হয় কে’বাটাও পৰিয়ালৰ বাসগৃহ ।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, প্ৰথমে ধান খেৰত জুই লাগিছিল ৷ তাৰ পাছত সমগ্ৰ অঞ্চলজুৰি ঘেৰি ধৰে জুইয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি, পূৱ ছাফাকামাৰ গাঁৱৰ গৌৰাঙ্গ দাস, প্ৰানেশ্বৰ দাস, ভূৱনেশ্বৰ দাস, অজিত দাস, সোণজিৎ দাস আদিৰ ঘৰত থকা ধান, পাকঘৰৰ সামগ্ৰী, পূজিৰ খেৰ, বিভিন্ন নথিপত্ৰ, টকা-পইচা সকলো জুইত জাহ যায় ৷ ভুক্তভোগী আৰু স্থানীয় ৰাইজে বিদ্যুৎ তাঁৰৰ পৰা অগ্নি সংযোগ হোৱাৰ সন্দেহ ব্যক্ত কৰে ৷

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ গোৱৰ্দ্ধনা আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় ৷

Exit mobile version