মানাহত মহিলা স্বাৱলম্বীকৰণৰ লক্ষ্যৰে আত্মসহায়ক গোটক ধূপকাঠি প্ৰস্তুত প্ৰশিক্ষণ

বিশ্ব প্ৰকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত চলিছে তিনিদিনীয়া ধূপকাঠি প্ৰস্তুত প্ৰশিক্ষণ শিবিৰ ৷ মূলতঃ মহিলাসকলক স্বাৱলম্বীকৰণৰ লক্ষ্যৰে ডব্লিউ ডব্লিউ এফে আয়োজন কৰা এই ধূপকাঠি প্ৰস্তুত প্ৰশিক্ষণত মানাহৰ দাঁতিকাষৰীয়া অঞ্চলৰ মানাহ বনানি ফুড প্ৰডাক্ট, গাংজেমা, ছমখৌৰ আত্মসহায়ক গোট, সেউজ জীৱিকা আৰু এংখাউৰি জে এল জি নামৰ পাঁচটাকৈ আত্মসহায়ক গোটৰ ১৬ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছে ৷

নলবাৰীৰ প্ৰশিক্ষক দীপামণি কলিতাই মহিলাসকলক থলুৱাভাৱে কেনেদৰে ধূপকাঠি তৈয়াৰ কৰিব পাৰি, ইয়াৰ পেকেজিং, বজাৰ আদি কেনেদৰে পাব পাৰি আৰু ধূপকাঠি তৈয়াৰ কৰিয়ে কেনেদৰে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰি তাৰ বিষয়ে বিশদ জ্ঞান দিয়ে মহিলাসকলক ৷ এই প্ৰশিক্ষণ লৈ উৎসাহী হৈ পৰা আত্মসহায়ক গোটৰ মহিলাসকলে ইতিমধ্যে ধূপকাঠি তৈয়াৰৰ কৌশল আয়ত্ব কৰি আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে ৷

উল্লেখযোগ্য যে ২০ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰিব ৷ ইয়াৰ পাছতে প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলে নিজৰ নিজৰ আত্নসহায়ক গোটৰ আন সদস্যসকলকো এই প্ৰশিক্ষণ আগবঢ়াব ৷ উল্লেখ্য যে এই তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰটোৰ তত্ত্বাৱধান কৰে ডব্লিউ ডব্লিউ এফৰ বিপুল নাথ আৰু ছন্দে দৈমাৰীয়ে ৷ প্ৰথমদিনাখন ডব্লিউ ডব্লিউ‌ এফৰ বিষয়া দেৱ কুমাৰ দত্ত, বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্ম আদি উপস্থিত থাকে ৷

Exit mobile version