মানাহ-কাজিৰঙাত পৰ্যটকৰ বাহনলৈ হিংস্ৰ গঁড়ৰ চোঁচা

কথমপি প্ৰাণৰক্ষা পৰ্যটকৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত হাতী, ভালুক আৰু বনৰীয়া হৰিণাৰ পাছত এইবাৰ আৰম্ভ হৈছে গঁড়ৰ‌ সন্ত্ৰাস ৷ ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণৰ‌ বাবে যোৱা পৰ্যটকৰ এটা দলক উদ্যানখনৰ ভিতৰত ঘন জংঘলৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গঁড়ে প্ৰায়‌ ডেৰ কিলোমিটাৰ পৰ্যন্ত পিছে পিছে খেদি আহে । আনহাতে, ভয়তে বিতত হোৱা বাহনখনৰ‌ গাড়ী চালকজনে তীব্ৰ বেগেৰে গাড়ী চলাই ততালিকে সেই স্থান ত্যাগ কৰি সম্ভাব্য এক অঘটনৰ পৰা পৰ্যটকসহ নিজকে বচাবলৈ সমৰ্থ হয় ।

ঘটনাৰ স’তে জড়িত গঁড়টো উদ্যানখনৰ মতা গঁড় বুলি জানিবলৈ দিয়ে বনৰক্ষী বিভাগে । ইপিনে, ৰাষ্ট্ৰীয় উদ্যানখনৰ এক শীৰ্ষ সূত্ৰই প্ৰাকৃতিক তথা স্বাভাৱিক জৈৱিক কাৰণতেই এনেদৰে গঁড়ে আক্ৰমণাত্মক হৈ থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে । তদুপৰি, পৰ্যটকৰ গাত অধিক ৰঙচঙীয়া পোছাক দেখিলেও স্বাভাৱিকভাৱেই গঁড় হিংস্ৰ হৈ উঠে বুলিও জানিবলৈ দিয়ে বন বিভাগৰ সূত্ৰ‌ই ।

অৱশ্যে, উদ্যানখন ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পূৰ্বতকৈ যথেষ্ট মনোযোগ দিয়াৰ কথাও সূত্ৰটোৱে জানিবলৈ দিছে । তেওঁলোকে এতিয়া প্ৰতিখন পৰ্যটক বাহনৰ স’তে একোগৰাকীকৈ নিৰাপত্তাৰক্ষীৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ অভ্যন্তৰৰ বিষয়ে সম্পূৰ্ণ খুটি-নাটি জ্ঞান থকা এগৰাকী চালকক পৰ্যটকসকলৰ স’তে প্ৰেৰণৰ কথাও জানিবলৈ দিয়ে । অৱশ্যে এয়া এক বিক্ষিপ্ত ঘটনা হিচাপেও আখ্যা দিছে উদ্যানখনৰ স’তে জড়িত কে’বাগৰাকীও অভিজ্ঞ ব্যক্তিয়ে । আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো একেই ঘটনা দেখিবলৈ পোৱা যায় । কথমপি ৰক্ষা পৰে যাত্ৰীসকল ।

Exit mobile version