Blast in Ludhiana Court : লুধিয়ানাত জিলা আদালতত বোমা বিস্ফোৰণত নিহত দুই, পদপিষ্ট হৈ আহত বহু

আদালতৰ চৌহদত বোমা বিস্ফোৰণ । বৃহস্পতিবাৰে পুৱা পঞ্জাৱৰ লুধিয়ানাত জিলা আদালত চৌহদত বোমা বিস্ফোৰণ ঘটে ।

আদালত সূত্রে খবৰ, বিস্ফোৰণত দুজন নিহত হৈছে । বিস্ফোৰণস্থলীৰ পৰা হুৰাহুৰে ওলাই অহাত পদপিষ্ট হৈ বহু লোক গুৰুতৰভাৱে আহত‌ও হয় ।

বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় লুধিয়ানা জিলা আদালতৰ চাৰি মহলাত । বিস্ফোৰণৰ পাছতেই লুধিয়ানা জিলা আৰু আৰু স্থানীয় থানাৰ বম্ব স্কোৱাড উপস্থিত হয় ঘটনাস্থলীত ।

নিৰাপত্তাৰ বাবে সমগ্ৰ অঞ্চলৰ পৰা লোকসকলক আঁতৰাই দিয়া হৈছে । কোনে আৰু কিয় এই বিস্ফোৰণ ঘটাইছে, সেয়া তদন্ত কৰিছে আৰক্ষীয়ে ।

Exit mobile version