আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন নকৰিলে আদালতত অৱগত কৰিব পাৰিব

ৰাজ্যত আৰক্ষীৰ সংশোধিত নতুন দায়বদ্ধতা আয়োগক বিধানসভাৰ অনুমোদন

ass

আইনৰ ৰক্ষক হৈয়ো অসম আৰক্ষীৰ একাংশৰ বিৰুদ্ধে আইন বংগৰ অভিযোগ সঘনে উত্থাপিত হৈ আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত আইনৰ অপব্যৱহাৰ কৰা আৰক্ষীক দায়বদ্ধ কৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগে ব্যাপক সংশোধনেৰে আৰক্ষী দায়বদ্ধতা আয়োগ নতুনকৈ সংগঠনৰ দিশে আগবাঢ়িছে । ইয়াৰ বাবে কালি বিধানসভাত দ্য আছাম পুলিচ (এমেণ্ডমেণ্ট) বিল উত্থাপন কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত দায়বদ্ধতা আয়োগ আছে যদিও ই পূৰ্ণাংগ ৰূপত সক্ৰিয় হৈ থকা নাই । বিশেষকৈ জিলা পৰ্যায়ত থাকিবলগীয়া আয়োগ নিষ্ক্ৰিয় হৈ আছে । সেয়েহে আৰক্ষীক দায়বদ্ধ কৰা জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ আয়োগক নতুন কৰ্তৃত্ব প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে ।

আয়োগ গঠনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছে যদিও ৰাজ্য চৰকাৰে নিজৰ সুবিধাৰ্থে মূল বিষয়ত হস্তক্ষেপ নকৰাকৈ ৰাইজৰ হকে কিছুমান নতুন বিষয়ৰ অৱতাৰণা কৰিবলৈ আগবাঢ়িছে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । তেওঁ কয় যে জিলা পৰ্যায়ৰ আয়োগখনে তলৰ পৰা উপ-আৰক্ষী অধীক্ষকলৈ সামৰি লয় । ৰাজ্যিক পৰ্যায়ৰ আয়োগখনে আৰক্ষী অধীক্ষকৰ পৰা ওপৰৰ সকলক সামৰি লয় ।

অসমৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ভাৰপ্ৰাপ্ত বিষয়াকো ৰাজ্যিক পৰ্যায়ৰ আয়োগে সামৰি ল’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘দেশত প্ৰচলিত দায়বদ্ধ আয়োগত আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগতহে আয়োগৰ ওচৰত দায়বদ্ধ হ’ব লাগে । অসমত আমি ধৰ্ষণৰ চেষ্টা আৰু যৌন নিৰ্যাতন বিষয় দুটাকো ইয়াৰ লগত সংযোগ কৰিছো । বহু সময়ত আৰক্ষীয়ে অভিযোগকাৰীৰ এজাহাৰ পঞ্জীয়ন নকৰাৰ অভিযোগ উঠিছে । নতুন নিয়ম মতে কোনো আৰক্ষী বিষয়াই এজাহাৰ পঞ্জীয়ন নকৰিলে আবেদনকাৰীয়ে স্থানীয় আদালতত বিষয়টো জনাব পাৰিব । বহু সময়ত দেখা যায় যে কিছুমান নাম-ঠিকনাহীন লোকেও হোৱা নোহোৱাই অভিযোগ দাখিল কৰে । এই দিশটোত সতৰ্কতা অৱলম্বন কৰা হৈছে । কাৰণ বহু সময়ত ভুল তথ্যৰে অভিযোগ দাখিল কৰা হয় । থানাৰ বাহিৰত কিছুমান এজাহাৰ লিখা মানুহ থাকে । যিকোনো কাৰণতে নহ‌ওক কিয় সেইসকলে হকে বিহকে ধাৰা লগাই দিয়ে । আনকি এনেকুৱা অৱস্থা হয় যে গিৰিয়েকে ঘৈণীয়েকক ধৰ্ষণ কৰাৰ গোচৰো লগাই দিয়ে । ইয়াৰ ফলত বহু বিয়া ভাঙিছে । এইধৰণৰ ঘটনা যাতে নহয় তাৰ বাবেও সতৰ্ক হ’বলৈ আৰক্ষীক দায়বদ্ধ কৰাৰ ব্যৱস্থা নতুন বিধেয়কত অনা হৈছে । আমি এই ধৰণৰ ব্যৱস্থাবোৰ আনোতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানিছো । কেৱল অসমে অধিক সুবিধা কৰি লৈছে ।’

বিধানসভাই কালি অনুমোদন দিয়া আইনখনত জিলা পৰ্যায়ত গুৰুতৰ অভিযোগবোৰ চোৱা হ’ব । যদি অভিযোগ অধিক গুৰুতৰ হয় তেনেহ’লে সেয়া জিলাই ৰাজ্যিক আয়োগলৈ প্ৰেৰণ কৰিব পাৰিব । সেয়েহে জিলা দায়বদ্ধতা আয়োগৰ ভূমিকা আগন্তুক দিনত অধিক বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । জিলা দায়বদ্ধতা আয়োগক অধিক সক্ৰিয় কৰাৰ বাবে বিধানসভাই পৰৱৰ্তী অধিবেশনত সংশোধনী প্ৰস্তাৱ অনাৰ উল্লেখ মুখ্যমন্ত্ৰীয়ে কৰে ।

আয়োগৰ কৰ্মচাৰীসকলক আয়োগে বাছনি কৰিব পৰা সংশোধনীও নতুন বিধেয়কত অনা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । উল্লেখ্য যে সংশোধিত দায়বদ্ধতা আয়োগৰ দ্বাৰা আৰক্ষীক বৰ্তমানতকৈ অধিক ক্ষমতা দি অৰাজকতা সৃষ্টি কৰিব বিচৰা হৈছে বুলি বিৰোধী পক্ষৰ একাংশ বিধায়কে অভিযোগ কৰে । এআইইউডিএফৰ আমিনুল ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন, ৰাইজৰ দলৰ অখিল গগৈ আদিয়ে তেনে আশংকা ব্যক্ত কৰে । অৱশ্যে পাছত তেওঁলোকে কম-বেছি পৰিমাণে মানি লয় ।

Exit mobile version