Amrapali Gan : প্রাপ্তবয়স্কৰ ৱেবছাইটৰ দায়িত্ব ল’লে ভাৰতীয় কন্যাই, কোন এইগৰাকী

Amrapali Gan

এগৰাকী ভাৰতীয় কন্যাক প্রাপ্তবয়স্কসকলৰ ৱেবছাইট নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব দিলে আন্তর্জাতিক সংস্থা ‘অনলি ফেনছে’ । গুগল, মাইক্র’ছফট, টুইটাৰৰ পাছত পুনৰ আন্তর্জাতিক সংস্থাৰ চিইঅ’ পদত উত্তৰণ হ’ল এগৰাকী ভাৰতীয় সন্তান ।

সুন্দৰ পিচাই, সত্য নাদেলা, পৰাগ আগৰৱালাৰ দৰেই আম্রপালি গান । তেওঁ ২০২১ৰ ২২ ডিচেম্বৰত প্রাপ্তবয়স্কসকলৰ নেটমাধ্যম সংস্থা অনলি ফেনছ-ৰ চিফ এগ্‌জিকিউটিভ অফিচাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ।

১০০ কোটি ডলাৰৰ সংস্থা । আম্রপালিৰ আগতে এই সংস্থাৰ প্রধান আছিল টিম ষ্টোকলে । তেঁৱেই অনলি ফেনছ-ৰ প্রতিষ্ঠাতা ।

টিমে পদত্যাগৰ সিদ্ধান্ত ঘোষণা কৰি জনাইছে, নতুন লক্ষ্য চোৱাৰ ইচ্ছাতে পদত্যাগ কৰিছো । লগতে টিমে তেওঁৰ উত্তৰসূৰী আম্রপালিৰ প্রশংসাও কৰিছে । টিমে কয়, অনলি ফেনছক লৈ তেওঁৰ দৰেই আবেগপ্রৱণ আম্রপালি । তেওঁৰ বিশ্বাস, ৱেবছাইটৰ উন্নতিসাধনত আম্রপালিয়ে তেওঁতকৈও ভাল কাম কৰিব । আম্রপালিৰ ভাল কাম ইতিমধ্যে অনলি ফেনছৰ ব’র্ড সদস্যসকলৰ দৃষ্টিগোচৰ হৈছে ।

২০১৬ত আৰম্ভ হয় অনলি ফেনছ । অৱশ্যে নাম-যশ পায় অতিমাৰীৰ সময়ত । আম্রপালিও সেই সময়ৰ পৰাই অনলি ফেনছৰ স’তে ।

আম্রপালিৰ বয়স ৩৬ বছৰ । তেওঁ মুম্বাইত জন্মগ্ৰহণ কৰে । ইয়াতকৈ বেছি আম্রপালিৰ আৰু কোনো ভাৰতীয় যোগৰ উল্লেখ তেওঁৰ নেটমাধ্যম বা অন্যত্রত নাই । তেওঁ মূলত বিদেশী কলেজ-বিশ্ববিদ্যালয়তে উচ্চশিক্ষা গ্ৰহণ কৰিছে ।

কেলিফ’র্নিয়াৰ এক বেচৰকাৰী শিক্ষা প্রতিষ্ঠানৰ পৰা মার্চেণ্ডাইজ মার্কেটিং বিষয় লৈ স্নাতক হোৱাৰ পাছত কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ত জনসংযোগ আৰু আন্তঃসংগঠন যোগাযোগ বিষয়ত স্নাতকোত্তৰ উত্তীর্ণ হয় । পাছত হার্ভার্ড বিজনেছ স্কুলৰ পৰা অন্তৰপ্রিনিয়ৰশ্বিপ লৈ শিক্ষাগ্ৰহণ কৰে ।

আম্রপালিয়ে অনলি ফেনছত কাম আৰম্ভ কৰে ২০২০ত । বিভিন্ন ক্ষেত্রৰ বৃত্তিধাৰীসকলে সেই সময়ত অর্থৰ প্রয়োজনত অনলি ফেনছৰ দ্বাৰস্থ হয়, আম্রপালি তেতিয়া সংস্থাৰ বিপণন প্রধান । টিমে জনায়, বিপণন প্রধান হিচাপে আম্রপালিয়ে সংস্থাটোক আগবাঢ়ি যোৱাত বহু সহায় কৰিছিল ।

বৈশিষ্টৰ বিচাৰত অনলি ফেনছ এটা নেটমাধ্যম । অন্য নেটমাধ্যমতকৈ ইয়াৰ নীতি-নিয়ম কিছু পৃথক । ইয়াত ছাবক্ৰিপছনৰ বিনিময়ত সদস্য পদ ল’ব লাগে । অৱশ্যে এবাৰ সদস্য হ’লে অবাধ স্বাধীনতা । সদস্যসকলে ইচ্ছেমতে বিষয়বস্তু আপলোড কৰিব পাৰে । বিষয়বোৰ অন্য সদস্যৰ পছন্দ হ’লে তাৰ পৰা অর্থ উপার্জনো কৰিব পাৰে এই ৱেবছাইটৰ পৰা ।

অনলি ফেনছত ফিটনেছ প্রশিক্ষকৰ পৰা আৰম্ভ কৰি অংকৰ শিক্ষকো সদস্যপদত আছে । তেওঁলোকে দিয়া বিষয়বস্তুবোৰ পৃথক পৃথক । যদিও ২০২০ত অনলি ফেনছ পৰিচিতি প্ৰায় মূলত প্রাপ্ত বয়স্কসকলৰ ভিডিঅ’ আৰু ছবিৰ বাবে । পর্ন তাৰকাৰ পৰা আৰম্ভ কৰি যৌনকর্মীসকলেও এই ৱেবছাইটৰ সদস্যপদ লয় । প্রাপ্তবয়স্ক বিষয়বস্তুও দিবলৈ আৰম্ভ কৰে ।

হলিউডৰ তাৰকাসকলেও সদস্যপদ লয় অনলি ফেনছত । প্ৰত্যেকজন সদস্য‌ই প্রতি মাহে কোটি কোটি ডলাৰ উপার্জন কৰে বুলিও দাবী কৰিছে বহুতে । অনলি ফেনছে তেওঁলোকৰ পৰা কমিছন হিচাপে ২০ শতাংশ অর্থ লয় । তাৰ বিপৰীতে সুৰক্ষাৰ প্রতিশ্রুতি দিয়ে । নিশ্চিত কৰে যে, সদস্যৰ বাহিৰে অন্য কোনোৱে দিয়া ব্যক্তিগত বিষয়বস্তু চাব নোৱাৰে ।

ৱেবছাইটৰ দায়িত্ব লৈ আম্রপালিয়ে কয়, ‘‘অনলি ফেনছ পৃথিৱীৰ সুৰক্ষিততম ৱেবছাইট । সদস্যসকললৈ মোৰ প্রতিশ্রুতি, এই নিৰাপত্তা বিন্দুমাত্র নকমে । লগতে তেওঁলোকে যাতে ইয়াৰ পৰা আৰু অর্থ উপার্জন কৰিব পাৰে সেয়াও আমি পৰ্যবেক্ষণ কৰিম ।’’

অনলি ফেনছত আম্রপালিৰ তীব্ৰ গতিতে উত্থান হয় । ৱেবছাইটত তেওঁৰ কামৰ অভিজ্ঞতা মাত্র এবছৰ । অৱশ্যে তাৰ আগতে অন্যান্য সংস্থাতো গুৰুত্বপূর্ণ পদৰ দায়িত্ব ভাৰ লৈছে ।

ইয়ৰ আগতে আৰকেড এজেন্সিৰ পৰামর্শদাতা আছিল । আমেৰিকাৰ প্রথম গাঞ্জা সেৱনৰ ৰেস্তোৰাঁ কেনাবি কেফে-ৰ দায়িত্বত আছিল । ইয়াৰ উপৰি বলবর্ধক পানীয় ৰেড বুলৰ বিপণনৰ দায়িত্বতো আছিল আম্রপালি ।

অৱশ্যে তেওঁ নেটমাধ্যমত সিমান সক্রিয় নহয় । অনলি ফেনছত তেওঁৰ সদস্যপদ আছে । অৱশ্যে তাতো নিজৰ ব্যক্তিগত কিছু মুহূর্তৰ বাহিৰে বিশেষ কিছু শ্বেয়াৰ কৰা নাই আম্রপালিয়ে ।

Exit mobile version