এইচ-১ বি-এল বি ভিছাৰ বাবে দিব নালাগে ব্যক্তিগত সাক্ষাৎকাৰ ,এবছৰলৈ হ’ব প্ৰযোজ্য

h1b

আমেৰিকাৰ বৈদেশিক বিভাগে কিছুমান শ্রেণীৰ ভিছাৰ ক্ষেত্ৰত ব্যক্তিগত সাক্ষাৎকাৰৰ প্রক্রিয়া বাতিল কৰিলে। এতিয়াৰে পৰা দেশখনত এইচ-১ বি,এল-১ আৰু অ’-১ শ্ৰেণীৰ ভিছাৰ বাবে আবেদনকাৰীয়ে ব্যক্তিগত সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব নালাগিব।

ADVERTISEMENT

এই সুবিধা ৩১ ডিচেম্বৰ ২০২২ লৈকে প্রযােজ্য হ’ব। জ’ বাইডেন প্রশাসনে ক’ভিড-১৯ আৰু নতুন প্রজাতি অমিক্রনৰ সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি মার্কিন ভিছাৰ ক্ষেত্ৰত এই সিদ্ধান্ত গ্রহণ কৰিলে।

মার্কিন প্রশাসনৰ এই সিদ্ধান্তৰ ফলত ভাৰতীয়সকল বিশেষভাৱে উপকৃত হ’ব। কিয়নাে উপৰােক্ত শ্ৰেণীৰ ভিছাৰ বাবে আবেদনকাৰীয়ে মার্কিন দূতাবাসলৈ ব্যক্তিগত সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলৈ যাব নালাগিব।

Exit mobile version