Covid-19 : দ্ৰুত গতিত বৃদ্ধি পাইছে সংক্ৰমণ, এইবাৰ বাধ্যতামূলক টিকাকৰণৰ সিদ্ধান্ত ল’লে ৰাজস্থান চৰকাৰে

1625016308 1307

মহাৰাষ্ট্ৰত ইতিমধ্যে কৰ’না ভাইৰাছৰ সংক্ৰমণ উদ্বেগজনিত হাৰত বৃদ্ধি পাইছে । আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু কেবাখনো ৰাজ্যত ।সেই তালিকাখনত অন্যতম ৰাজস্থানে এইবাৰ বাধ্যতামূলক টিকাকৰণৰ পথ অনুসৰণ কৰি ক’ভিড-১৯ৰ স’তে মোকাবিলা কৰাৰ সিদ্ধান্ত লৈছে।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত এখন বৈঠকত এই বাৰ্তাটো প্ৰদান কৰি কয়, ”কোনো ব্যক্তিয়ে কৰ’না ভেকছিন ল’বলৈ অস্বীকাৰ কৰিব নোৱাৰিব। যিসকলে টিকাকৰণ কৰিবলৈ অস্বীকাৰ কৰে তেওঁলোক সকলো চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব। ”

বাধ্যতামূলক টিকাকৰণৰ উপৰিও, নিশাৰ কাৰফিউ , মাস্ক পৰিধান কৰাৰ নীতি কঠোৰ ভাৱে পালন কৰা আদি বিষয়ৰ ওপৰতো গুৰুত্ব দিছে ৰাজস্থান চৰকাৰে। শুক্ৰবাৰে ৰাজ্যখনত নতুন সংক্ৰমিত সংখ্যা ৪২ ত উপনীত হৈছে।

১৬২ দিনৰ পাছত, দৈনিক সংক্ৰমণে এই সংখ্যাটো পুনৰ স্পৰ্শ কৰিছে। ইয়াৰ উপৰিও, অ’মিক্ৰন ৰোগীৰ সংখ্যা ইতিমধ্যে ২২ জন হৈছে।

এই পৰিস্থিতিত নিশা ১১ বজাৰ পৰা পুৱা পাঁচ বজালৈ নিশাৰ কাৰফিউৰ কথাও জনাইছে মুখ্যমন্ত্ৰী গেহলটে । আনহাতে, মৰুৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী পাৰ্চডিলাল মীনাই শনিবাৰে কয়, “নতুন বছৰ উদযাপন আৰম্ভ হোৱাৰ আগতে নিষেধাজ্ঞা আৰোপ কৰা প্ৰয়োজন। অন্যথা ক’ভিড-১৯ সংক্ৰমণ দ্ৰুতগতিত বিয়পিব পাৰে। তেওঁ লগতে দাবী কৰিছিল যে ৰাজস্থান চৰকাৰে কৰ’না টিকা বুষ্টাৰৰ বাবে কেন্দ্ৰৰ ওচৰত আবেদন কৰিব।

Exit mobile version