অসময়ত ভোক লাগিলে কি কৰিব ?

midnight snacking 900x563 1

পুৱা, দুপৰীয়া আৰু নিশা প্রত্যেকেই আহাৰ গ্ৰহণ কৰে। চিকিৎসা শাস্ত্র অনুসৰি পুৱাই ৰজাৰ দৰে আহাৰ গ্ৰহণ কৰিব লাগে। দুপৰীয়া ৰাজকোঁৱৰৰ দৰে আহাৰ খােৱা উচিত। আনহাতে, নিশা ভিক্ষাৰীৰ দৰে আহাৰ গ্রহণ কৰিলে শৰীৰে সহজে গ্রহণ কৰিব পাৰে। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে পুৱাই যদি আহাৰ ভালদৰে খােৱা হয় তেতিয়াহ’লে শৰীৰে প্রয়ােজনীয় পুষ্টি লাভ কৰাৰ ফলত অংগ-প্রত্যংগই স্বাভাৱিকভাবে কার্য সম্পাদন কৰিব পাৰিব। আনহাতে দুপৰীয়া কম পৰিমাণে খাদ্য খালে গাটো ভাৰি নােহােৱা বাবে কাম-কাজ স্বাভাৱিক ভাবে সম্পাদন কৰাটো সম্ভৱ। আনহাতে, নিশা শৰীৰটোৱে জিৰণি লয় বাবে পুষ্টিৰৰ কম, প্রয়ােজন। পিছে ইয়াৰ মাজততা

কিছুমান লােকৰ অসময়ত ভােক লাগে। যদি অসময়ত ভােক লাগে তেতিয়া প্রয়ােজনতকৈ বেছি খালেও পৰৱৰ্তী সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ ডায়েবেটিছ, মেদবহুলতা, হৃদৰােগ আদিয়ে গা কৰি উঠাৰ আশংকা থাকে। অৱশ্যে যদিহে সতর্কতাৰে খাদ্য গ্রহণ কৰে তেতিয়াহ’লে ক্ষুধা নিবাৰণ হােৱাৰ লগতে বহুতাে শাৰীৰিক সমস্যাৰ পৰা হাত সাৰিব পাৰি।

★দুগ্ধজাত খাদ্য গ্রহণ কৰিব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, প্রটিন উপৰি ভিটামিন ‘এ’, ‘বি’ আৰু ‘ডি’ থাকে। এনে খাদ্য খালে পেট ভৰাৰ উপৰি অতিৰিক্ত চর্বি জমা হােৱাৰ আশংকা নাথাকে।

★যিকোনাে কল খালেও উপকাৰ পােৱা যায়। এইবিধ ফলত আয়ৰণ প্ৰচুৰ পৰিমাণে থাকে। ইয়াত কেলৰি কম থাকে।

★কম পৰিমাণে বাদাম খাব পাৰে। ইয়াত ফাইবাৰ বেছি থাকে বাবে ওজন বৃদ্ধিৰ আশংকা নাথাকে।

★পককর্ণ আদিও খালেও সুফল পােৱা যায়। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ, প্ৰ’টিন থাকে। সেইবাবে মেদবহুলতাই গা কৰি উঠিব নােৱাৰে।

★ফল, গাখীৰ অথবা মৌৰ স’তে কর্ণফ্লেক খাব পাৰে।

★অসময়ত ভােক লাগিল বুলিয়েই পেট ভৰাই খাব নালাগে। কাৰণ সময়ৰ পৰিৱর্তে বেলেগ সময়ত খােৱাৰ লগে লগে শৰীৰত উৎপন্ন হােৱা বিভিন্ন ৰস আদি নিঃসৰণাে স্বাভাৱিক নহ’ব।

★ডায়েবেটিছ আদি ৰােগ থাকিলে যিকোনাে ৰােগীয়ে চিকিৎসকৰ পৰামৰ্শ আদি লােৱাটো বাঞ্চনীয়।

★যদিহে সঘনাই এনে ধৰণৰ ভােক লগাৰ সমস্যাই দেখা দিয়ে চিকিৎসকৰ পৰামৰ্শ আদি লােৱাটো বাঞ্ছনীয়।

★খাদ্য গ্রহণৰ ক্ষেত্ৰত আনৰ স’তে নিজকে ৰিজনি নিদিব। কাৰণ এজনৰ বাবে উপযুক্ত খাদ্য বা যিমান পৰিমাণৰ খাদ্য খায় সেয়া আন এজনৰ বাবে প্রয়ােজন নহ’বও পাৰে। কাৰণ খাদ্য গ্রহণৰ পৰিমাণৰ বিষয়টো সম্পূর্ণৰূপে নিৰ্ভৰশীল বয়স, লিংগ, ওজন, অসুখ-বিসুখৰ ওপৰত।

★নিশা দুপৰলৈকে কর্মব্যস্ততা আৰু পঢ়াসকলে যদি নিশা দুপৰত তােক লাগিলে লঘু আহাৰৰ ব্যৱস্থা কৰাটোৱে মংগলজনক। অৱশ্যে এটা কথা ঠিক যে পুৱতি নিশা কোনােমতে নােখােৱাকৈ থাকিলেও শৰীৰৰ বিশেষ ক্ষতি নহ’ব। কাৰণ এই সময়ত খােৱা মানে বদহজমৰ সমস্যাই গা কৰিব নােৱাৰে।

Exit mobile version