কলগাছিয়া ৰাজহুৱা খেলপথাৰত ছয়দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে একাদশ কলগাছিয়া গ্ৰন্থমেলা

146b6aa3 81bd 4a1a 9bff 3499b2011f7a

কলগাছিয়া ৰাজহুৱা খেল পথাৰত ছয় দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে একাদশ কলগাছিয়া গ্ৰন্থমেলা। সাংস্কৃতিক শুভাযাত্ৰাৰ অন্তত গ্ৰন্থমেলা উদ্ধোধন কৰে গ্ৰন্থমেলাৰ আয়োজক সমিতিৰ সভাপতি তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে।

উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দীনেশ বৈশ্য, নিদিষ্ট বক্তা হিচাবে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট অতিথি হিচাবে নলবাৰী জিলাৰ বিশিষ্ট লেখক ৰফিউল হুছেইন বৰুৱা, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, বৰপেটা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু মুখ্য কাৰ্যবাহী বিষয়া মাইন উদ্দিন, সহকাৰী অভিযন্তা বিজু ভৰালী, বৰপেটা নিৰ্বাচনী বিষয়া উপস্থিত থাকি গ্ৰন্থমেলাৰ প্ৰাসংগিকতা আৰু গ্ৰন্থ অধ্যয়নৰ পৰা কেনেকৈ লাভান্বিত হ’ব পাৰি তাৰ ওপৰত বক্তব্য প্ৰদান কৰে।

Exit mobile version