কলগাছিয়াত প্ৰাপ্য মজুৰি বিছাৰি শ্ৰমিকৰ মাজত খণ্ডযুদ্ধ , আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ

দিল্লীত কাম কৰিবলৈ নি ধন নিদিয়াৰ অভিযোগত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথাৰ চৰত সংঘটিত হৈছে খণ্ডযুদ্ধ।

তথ্য অনুসৰি আজিত আলী আৰু তেওঁৰ পৰিয়ালৰ কেইবাজনকো মাৰপিট কৰি আৱদ্ধ কৰি ৰাখে হাৰানোৰ ৰছিদ নামৰ এজন যুৱকে।

তালিবানী কায়দাৰে হাত ভৰি বান্ধি আজিত আলীক মাৰপিট কৰি থকা অৱস্থাত বাধা দিবলৈ অহাত পৰিয়ালৰ লোককো মাৰপিট কৰে উক্ত যুৱক জনে।

কিন্তু আজিত আলীৰ পৰা হাৰানোৰ ৰচিদে কোনো ধৰণৰ টকা পাবলৈ নাই বুলি জনায় আজিত আলীয়ে। উল্ল্যেখ্য যে আজিত আলীয়ে হাৰোণৰ ৰছিদ নামৰ যুৱক জনক দিল্লীত কাম কৰিবলৈ লৈ গৈছিল যদিও দিয়া নাছিল কোনো মজুৰি আনকি দিল্লীত পণবন্ধী কৰি থৈ আহিছিল হাৰোনৰ ৰছিদক।

যাৰ পৰিপেক্ষিতত আজিৰ এই দুৰ্ঘটনা সংঘটিত হয়। অৱশ্যে কলগাছিয়া আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

Exit mobile version