জানেনে নিতৌ কিমান প্রয়ােজন ভিটামিন ‘চি’ৰ !

what is vitamin c and what does it

এগৰাকী সুস্থ ব্যক্তিয়ে যদি নিয়মীয়াকৈ ভিটামিন ‘চি’যুক্ত খাদ্য গ্রহণ কৰে তেতিয়াহ’লে বহুতাে ৰােগৰ পৰা সহজে হাত সাৰিব পাৰে।

অর্থাৎ বিভিন্ন ৰােগৰ পৰা নিজকে আতৰাই ৰাখিব পাৰে দৈনন্দিন খাদ্য তালিকাত ভিটামিন ‘চি’যুক্ত খাদ্য অন্তর্ভুক্তিৰে। এগৰাকী সুস্থ ব্যক্তিক নিতৌ ২০ মিলিগ্রাম ভিটামিন ‘চি’ৰ প্রয়ােজন।

যদিহে এইবিধ ভিটামিনৰ অভাৱ হয় তেতিয়াহ’লে শৰীৰত সঠিকভাৱে কলাজেন গঠিত নহয়। কলাজেনত হাইড্রজিপ্র’লাইন নামৰ এবিধ এমিনাে এচিড থাকে।

ই প্র’লাইনৰ পৰা প্রস্তুত হয় আৰু এই প্রস্তাৱিত ভিটামিন ‘চিয়ে সহায় কৰে। এইবিধ ভিটামিনে খাদ্যত থকা আয়ৰণক ফেৰাছ অৱস্থাৰ পৰা ফেৰিক অৱস্থালৈ পর্যবসিত কৰি শৰীৰৰ বাবে উপযুক্ত কৰি তােলে চি’ ভিটামিনে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰি এড্রিনেল কর্টেক্স গ্রন্থিৰ স্বাভাৱিক ক্রিয়াকলাপতে সহায় কৰে।

তদুপৰি স্কার্ভি আদি ৰোগো প্ৰতিৰােধ কৰে। এনে ভিটামিনৰ অভাৱত শৰীৰত হােৱা ঘা আদি শুকাতে পলম হয়। সেই বাবে ঘা আদি শুকোৱাৰ ক্ষেত্ৰত ঔষধৰ লগতে ভিটামিন ‘চি’যুক্ত খাদ্য খাবলৈও চিকিৎসকে পৰামৰ্শ আগবঢ়ায়।

দাঁতৰ আলু উখহাৰ অন্যতম কাৰণ হ’ল ভিটামিন ‘চি’। এইবিধ ভিটামিনৰ অভাৱ হ’ল সামান্য চাপ পৰিলেই দাঁতৰ আলুৰ পৰা তেজ ওলাবলৈ ধৰে।

Exit mobile version