টোপনি ভাঙিবলৈ এলার্ম ক্লক ব্যৱহাৰ কৰে নেকি ! হ’ব পাৰে বিপদ

66260996

বহুতাে লােকে কর্ম ব্যস্ততাৰ বাবে টোপনি ভাঙিবলৈ পুৱা এলার্ম ক্লক ব্যৱহাৰ কৰে। এলার্মৰ শব্দত টোপনি ভাঙিলেও দীর্ঘদিন এনে অভ্যাস কৰাৰ ফলত নিজৰ অজ্ঞাতেই হয় ক্ষতিসাধন।

বিভিন্ন ধৰণৰ গৱেষণাত শেহতীয়াভাৱে এইবােৰ প্রকাশ পাইছে। সেই বাবে এনে অভ্যাসৰ পৰিৱর্তে সােনকালে টোপনিৰ পৰা উঠিবলৈ কিছুমান ভাল অভ্যাস গঢ়ি তােলা উচিত।

জাপানৰ নেচনেল ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্রিয়েল হেৰ্থৰ গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে এলার্ম ক্লকৰ দ্বাৰা টোপনি ভাঙিলে হৃদৰােগত আক্রান্ত হােৱাৰ আশংকা থাকে।

হঠাতে টোপনিৰ মাজত শব্দ শুনাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়। এনেদৰে ৰক্তচাপ বৃদ্ধি পােৱাৰ ফলত হৃদস্পন্দন বৃদ্ধি পায়।

★স্মৃতিশক্তি ব্যাঘাত জন্মে। কেন্দ্রীয় স্নায়ুতন্ত্রই কার্য সম্পাদনৰ বাবে টোপনিৰ ভূমিকা গুরুত্বপূর্ণ। যিমানেই সােনকালে জোৰকৈ টোপনি ভাঙিব সিমানেই স্মৃতিশক্তি আদিৰ ওপৰতত প্ৰভাৱ পৰিব।

★সােনকালে টোপনি ভাঙিলে এচিডিটিৰ সমস্যায়াে গা কৰি উঠা দেখা যায়।

★দীর্ঘদিনীয়া অভ্যাসত পৰিণত হ’লে মানসিক সমস্যায়াে গা কৰি উঠে। তদুপৰি খিংখিঙীয়া স্বভাৱৰ হয়।

Exit mobile version