সাপে খুটিলে ছলমান খানক ! কেনে আছে অভিনেতাগৰাকী ?

1011654 salman khan

জন্মদিনৰ আগতে দুৰ্ঘটনা। সাপে খুটিলে বলিউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানক।অভিনেতাজনে তেওঁৰ মুম্বাইৰ পানভেলৰ ফাৰ্মহাউচত সময় অতিবাহিত কৰি আছিল। তাতেই সংঘটিত হ’ল এই ঘটনা ।

অভিনেতাজনক ততাতৈয়াকৈ মুম্বাইৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে । তাত প্ৰাথমিক চিকিৎসাৰ পাছত তেওঁক অব্যাহতি দিয়া হয়।

চিকিৎসালয়ৰ সূত্ৰই কোৱা অনুসৰি বৰ্তমান সুস্থ অৱস্থাত আছে অভিনেতাজন ।তথ্য অনুসৰি সাপটো বিষাক্ত নাছিল।

কি দৰে ঘটিলে এই অঘটন ? তথ্য অনুসৰি ,বৰদিনৰ নিশা বন্ধুবৰ্গৰ স’তে বাগিচাত সময় অতিবাহিত কৰি থকাৰ সময়তে সাপে খুটিলে ছলমানক।

২৭ ডিচেম্বৰ অৰ্থাৎ সোমবাৰে অভিনেতাজনৰ ৫৬তম জন্মদিন।ঠিক জন্মদিনৰ পুৰ্বেই এই ঘটনা । পূৰ্বতে পৰিয়াল আৰু অনুৰাগীৰ স’তে নিজৰ বিশেষ দিনটো উদযাপন কৰে অভিনেতাজনে।

কিন্তু এইবাৰ পৰিকল্পনা অনুসৰি ওপজা দিন উদযাপন কৰিব নোৱাৰে খানে। এই প্ৰশ্নক লৈ এতিয়া ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে তেওঁৰ অনুৰাগীসকলৰ মাজত ।

Exit mobile version