Booster Dose : দেশত সাত কোটি ৫০ হেজাৰ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হ’ব প্রথম পৰ্যায়ত, বুষ্টাৰ ১৩.৪ কোটি

pm modi address to the nation 1640448542659 1640448542833

ডেল্টা ৰূপৰ পাছত এইবাৰ বিশ্বত বিয়পি পৰিছে কৰ’নাৰ নতুন অ’মিক্রন ৰূপে । অ’মিক্রন উদ্বেগৰ পৰা ৰক্ষা পোৱা নাই ভাৰতেও । এই দেশতো বাহৰ পাতিছে অ’মিক্রনে । এই মর্মেই অ’মিক্রনৰ মোকাবিলা কৰিবলৈ দেশৰ স্বাস্থ্যসেৱা, প্রথমশাৰীৰ কর্মী আৰু কো-মর্বিডিটীযুক্ত ৬০ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলক বুষ্টাৰ টিকা প্রথমে দিয়াৰ সিদ্ধান্ত ল’লে চৰকাৰে । লগতে ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ মাজতে টিকাকৰণ সম্প্রসাৰিত কৰাৰ সিদ্ধান্ত লৈছে ।

অর্থাৎ, এই সিদ্ধান্তৰ ফলত দেশত নতুনকৈ ২০.৪ কোটি লোকক ক’ভিড -১৯ টিকা দিয়া হ’ব । ইয়াৰ ভিতৰত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ সকলৰ বাবে ৭.৪ কোটি টিকা আবণ্টন কৰা হৈছে । স্বাস্থ্যসেৱা আৰু প্রথমশাৰীৰ কর্মচাৰীসকলৰ বাবে আবণ্টন কৰা হৈছে তিনি কোটি । কো-মর্বিডিটীযুক্ত ৬০ বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ বাবে ১০ কোটি টিকা আবণ্টন কৰা হৈছে ।

প্রসংগত, ২৫ ডিচেম্বৰত দেশবাসীক উদ্দেশ্যি ভাষণত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰে, তিনি জানুৱাৰীৰ পৰা ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ক’ভিড টিকা দিয়া হ’ব ৷ ২০১১ৰ আদমশুমাৰিৰ ৰিপ’র্টৰ ওপৰত ভিত্তি কৰি, ৭.৪ কোটি টিকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ভাৰতৰ ড্রাগছ কন্ট্র’লাৰ জেনেৰেলে কিছু নির্দিষ্ট চর্তৰ অধীনত ১২ বছৰৰ ঊৰ্ধ্বৰ বয়সীসকলৰ বাবে ভাৰত বায়’টেকৰ ক’ভাক্সিনক জৰুৰী ব্যৱহাৰৰ অনুমোদন দিছে ।

চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা ভাৰতত স্বাস্থ্য কর্মচাৰীসকলৰ ক’ভিড টিকাদান অভিযান আৰম্ভ হয় । চৰকাৰৰ অনুমান অনুযায়ী, ভাৰতত স্বাস্থ্য কর্মচাৰীসকলৰ সংখ্যা প্রায় দুই কোটি । ২০১১ৰ আদমশুমাৰি অনুযায়ী, ভাৰতত মুঠ ৬০ বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ সংখ্যা মুঠ ১৩.৭৯ কোটি । লগতে, ২০২০ত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়ালৰ কল্যাণ মন্ত্রণালয় প্রকাশিত তথ্য অনুযায়ী, ভাৰতৰ ৭৫ শতাংশ বয়স্ক ব্যক্তি দীর্ঘস্থায়ী স্বাস্থ্য সমস্যাত ভুগিছে ।

Exit mobile version