Muslim : বয়ঃসন্ধি হ’লে পছন্দৰ মানুহক বিয়া কৰাব পাৰে মুছলিম মহিলাই, ৰায় আদালতৰ

marriage 696x390 1

বয়ঃসন্ধি হ’লেই নিজ পছন্দ মতে বিয়া কৰিব পাৰে মুছলিম যুৱতীয়ে । ইয়াত পৰিয়ালবৰ্গই বাধা দিব নোৱাৰে । এটা গোচৰত ৰায় দি এই কথা কয় পঞ্জাৱ আৰু হৰিয়ানা উচ্চ ন্যায়ালয়ে । মহিলাৰ বিয়াৰ ন্যূনতম বয়স ১৮ৰ পৰা বৃদ্ধি কৰি ২১ বছৰ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্র‌ই । এ সন্দৰ্ভত কেন্দ্রীয় মন্ত্রীসভাত প্রস্তাৱো পাছ হৈছে । সেই সময়ত পঞ্জাৱ আৰু হৰিয়ানা উচ্চ ন্যায়ালয়ৰ এই ৰায়ক লৈ আলোচনা আৰম্ভ হৈছে ।

সম্প্রতি পঞ্জাৱ আৰু হৰিয়ানা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল ১৭ বছৰ বয়সৰ এগৰাকী মুছলিম যুৱতী আৰু তেওঁৰ স্বামী ৩৩ বছৰ বয়সৰ এক হিন্দু যুৱকে । তেওঁলোকৰ বিয়াত পৰিয়ালৰ মত নাছিল । নিৰাপত্তাৰ অবাধ বোধ কৰিয়ে আদালতৰ দ্বাৰস্থ হৈছিল দম্পতিহালে । এই গোচৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৰনৰেশ সিং গিলে জনায়, মুছলিম পাৰ্ছ’নেল ল মানিয়ে মুছলিম মহিলাসকলৰ বিয়া হয় । মহামেডান আইনৰ অনুচ্ছেদ ১৯৫-ত কোৱা হৈছে, মুছলিম মহিলাসকলে বয়ঃসন্ধি হ’লেই নিজৰ পছন্দৰ মানুহক বিয়া কৰিব পাৰে ।

ইয়াৰ উপৰি, যিজন হিন্দু যুৱকৰ স’তে তেওঁৰ বিয়া হৈছে, তেওঁ বিবাহযোগ্য বয়সৰ । সকলো দিশ পৰ্যবেক্ষণ কৰি এই বিয়াক সম্পূর্ণ বৈধ ঘোষণা কৰিছে আদালতে । ন্যায়াধীশ গিলৰ পর্যবেক্ষণ, পৰিয়ালৰ আপত্তিৰ বিষয়টো মানি ল’লে সেই যুৱতী আৰু যুৱকজনৰ মৌলিক অধিকাৰ খৰ্ব কৰা হ’ব ।

Exit mobile version