অগপক এৰিবলগীয়া ৱাৰ্ড বাছনিৰ জিলাক নিৰ্দেশ ৰাজ্যিক বিজেপিৰ

AGP

ৰাজ্যক আগন্তুক পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনত মিত্ৰদল অসম গণ পৰিষদ (অগপ)ক এৰি দিবলগীয়া সম্ভাব্য ৱাৰ্ডবোৰ শীঘ্ৰে চিনাক্ত কৰিবলৈ ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দই জিলা সমিতিবোৰক নিৰ্দেশ দিছে । যদিও দলটোৱে এই নিৰ্বাচনত এককভাৱে প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তৎস্বত্বেও নিজৰ দুৰ্বলতা থকা ৱাৰ্ডবোৰ স্থানীয় পৰ্যায়ত বুজাবুজিৰ মাজেৰে অগপক এৰি দিব । ইয়াৰ জৰিয়তে পৌৰসভা আৰু নগৰ সমিতিবোৰ চৰকাৰৰ মিত্ৰদলৰে মিলি দখলৰ ৰণকৌশল বিজেপি নেতৃত্ব‌ই গ্ৰহণ কৰিছে । তাৰ বাবে অগপৰ নেতৃত্বৰ লগতো আলোচনা সম্পন্ন কৰা হৈছে ।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা ফেব্ৰুৱাৰীত পৌৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । তাৰ বাবে যোৱা নৱেম্বৰৰ প্ৰথম ভাগৰ পৰাই বিজেপিয়ে নিৰ্বাচনী ক্ষেত্ৰত জঁপিয়াই পৰে । নিৰ্বাচনটোত এশ শতাংশ সফলতা অৰ্জনৰ লক্ষ্য দলটোৱে লৈছে; কিন্তু বাস্তৱত সেয়া সম্ভৱ নোহোৱাটো জিলাবোৰত নিয়োগ কৰা ভাৰপ্ৰাপ্তসকলৰ পৰা লাভ কৰিছে । তাৰ ফলতে অগপৰ লগত স্থানীয় পৰ্যায়ত মিত্ৰতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয় ।

চৰকাৰৰ সিদ্ধান্ত অনুসৰি নিৰ্বাচন অনুষ্ঠিত হ’লে মাজত মাত্ৰ এমাহহে বাকী আছে । সেয়েহে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ৱাৰ্ডবোৰ বাছনি কৰি সেইবোৰত সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰিব বিচাৰিছে । তাৰ বাবেই অনিশ্চয়তাত থকাতকৈ বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱৰা ৱাৰ্ডবোৰৰ বাছনি চূড়ান্ত কৰাত ৰাজ্যিক নেতৃত্ব‌ই গুৰুত্ব দিছে । এৰি দিবলগীয়া ৱাৰ্ডৰ লগতে ক’ৰবাত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰা হ’ব নেকি সেয়াও নিশ্চিত কৰিবলৈ জিলাৰ নেতৃবৰ্গক ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দই নিৰ্দেশ দিছে ।

Exit mobile version