অ’মিক্ৰনৰ আতংকত কি মাস্ক সকলোতকৈ বেছি কাৰ্যকৰী ? জানি লওক বিশেষজ্ঞৰ পৰামৰ্শ

121891605 mask travel getty

বছৰটোৰ শেষত নতুনকৈ আতংক বিয়পাইছে কৰ’নাই । ডেল্টাৰ পাছত, এইবাৰ ভয়ংকৰ ৰূপ লৈছে অ’মিক্ৰনে। বিশ্বজুৰি ক্ৰমান্বয়ে উৰ্ধমুখী হৈছে অ’মিক্ৰন গ্ৰাফ।

ইতিমধ্যে চিন্তিত হৈছে চিকিৎসকসকল । বিশেষকৈ, কেনে ধৰণৰ মাস্ক পৰিধান কৰিলে ৰক্ষা পৰিব অ’মিক্ৰনৰ পৰা তাক লৈ প্ৰকাশলৈ আহিছে নানা তথ্য ।

কিন্তু চিকিৎসকসকলৰ মতে, এই সময়ত আপুনি এক প্ৰকাৰ অধিক সজাগ হ’ব লাগিব। সঠিক মাস্ক বাছনি কৰাটো এই ক্ষেত্ৰত প্ৰাথমিক চৰ্ত।

বিগত বৰ্ষত কৰ’না আৰম্ভণিতে, চিকিৎসকসকলে জনাইছিল যে কৰ’নাৰ বাবে এন৯৫ মাস্ক আটাইতকৈ কাৰ্যকৰী । কিন্তু সেই সময়ত অত্যাধিক চাহিদাৰ বাবে ই বজাৰত সহজে উপলব্ধ নাছিল।

ইয়াৰ পৰিৱৰ্তে, ক্লিনিকেল মাস্ক বা ছার্জিকেল মাস্কে ভাল কাম কৰে। কিন্তু হঠাতে পাতল কাপোৰৰ মাস্কো বজাৰত বিয়পি পৰিল।

চিকিৎসকৰ মতে, পাতল কাপোৰৰ মাছ একেবাৰে কাৰ্যকৰী নহয়। এই মাস্কে কেৱল ফেশ্বনক প্ৰভাৱিত কৰিব পাৰে। অ’মিক্ৰনক বাধা দিবলৈ এই মাস্ক একেবাৰে কাৰ্যকৰী নহয় ।

চিকিৎসকসকলে আৰু জনায় যে পাতল কাপোৰৰ মাস্কে ডাঙৰ আকাৰৰ টোপাল প্ৰতিৰোধ কৰিব পাৰিলেও, ই সৰু আকাৰৰ টোপাল প্ৰতিৰোধ কৰিবলৈ সক্ষম নহয়।

এই ক্ষেত্ৰত কেএন৯৫ বা এন৯৫ মাস্ক আটাইতকৈ কাৰ্যকৰী। অৱশ্যে, এই মাস্কটো ক্ৰয় কৰোঁতে, সঠিক আকাৰ ক্ৰয় কৰিব লাগে। যাতে মুখ আৰু নাক সঠিকভাৱে ঢাকি ৰখা হয়।

আমেৰিকান কনফাৰেন্স অৱ গভৰ্মেন্টেল ইণ্ডাষ্ট্ৰিয়েল হাইজিনিষ্টসকলে জনাইছে যে কাপোৰৰ মাস্কবোৰে মাত্ৰ ৭৫ শতাংশ সুৰক্ষা প্ৰদান কৰিব পাৰে। আনহাতে এন৫ য়ে ৯৫ শতাংশ সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে।

চিকিৎসকসকলে অ’মিক্ৰন প্ৰতিৰোধ কৰিবলৈ এই মাস্ক ব্যৱহাৰ কৰাৰে পৰামৰ্শ দিয়ে। লগতে নিয়মিত ছেনিটাইজাৰ ব্যবহাৰ কথাও জনাইছে দেশী বিদেশী চিকিৎসকলে।

Exit mobile version