চিৰাঙৰ ভূটান সীমান্তত ঢোলপানী বনাঞ্চলত খৰীকটীয়া এনকাউন্টাৰ বন বিভাগৰ, গুলিবিদ্ধ লামা চৰণ নাৰ্জাৰী

ৰাজ্যত এইবাৰ বন বিভাগৰ এনকাউন্টাৰ চোৰাংকাঠ কটীয়াক । চিৰাং জিলাৰ ভূটান সীমান্তৰ ঢোলপানী বনাঞ্চলত বন বিভাগৰ এই এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে । চিৰাং সংৰক্ষিত বনাঞ্চলত ব্যাপক হাৰত হোৱা বন ধ্বংশ ৰোধৰ বাবে বন বিভাগে চেষ্টা অব্যাহত ৰাখিছিল । কালি বিয়লিৰে পৰা বন বিভাগে গছ কটীয়াৰ বিৰুদ্ধে অভিযান চলাইছিল চিৰাং সংৰক্ষিত ভূটান সীমান্তৰ ঢোলপানী বনাঞ্চলত‌ ।

টেকিফোনিক বাৰ্তাত চিৰাং ডিএফঅ’ ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে গছ কটীয়াসকলক বন বিভাগে খেদি যোৱাত বন বিভাগক লক্ষ্য কৰি পুৱা গুলিচালনা কৰাৰ পাছতে বন বিভাগেও গুলিচালনা কৰে । যাৰ ফলত গুলিবিদ্ধ হয় লামা চৰণ নাৰ্জাৰী নামৰ লোকজন ।

সংকটজনক অৱস্থাত কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ত আনে যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে লোকজনক । পাছফালৰ বাহুত গুলি লাগি বুকু ভেদি ওলাই যোৱা বুলি জনায় চিকিৎসকে ।

Exit mobile version