তিনিমাহ সম্পূৰ্ণ চাৰি স্বায়ত্বশাসিত পৰিষদৰ, ঘোষিত এক কোটি নাপালে

assam cm himanta biswa sarma asks bjp leaders to give up their personal security officer

তিনিমাহ পূৰ্বে টনা আঁজোৰাৰ মাজেৰে অসম চৰকাৰে গঠন কৰা চাৰিখন স্বায়ত্বশাসিত পৰিষদে পুঁজিৰ বাবে এতিয়া লৰা-ঢপৰা কৰিবলগীয়া হৈছে । অথচ চৰকাৰে কমতাপুৰ, মৰাণ, মটক আৰু বড়ো-কছাৰী (উপগ্ৰহীয়) পৰিষদকেইখনৰ বাবে এক কোটি টকাকৈ ধাৰ্য কৰা বুলি ঘোষণা কৰিছিল । তদুপৰি বিধানসভাৰ সদ্যসমাপ্ত শীতকালীন অধিবেশনত অনুমোদনৰ বাবেও পদক্ষেপ গ্ৰহণৰ আশ্বাস দিছিল; কিন্তু কোনো ব্যৱস্থাই আজিলৈকে গ্ৰহণ কৰা নহ’ল । ফলত পৰিষদকেইখনৰ ব্যৱসায়ীসকলে কাৰ্যভাৰ গ্ৰহণতে দায়-দায়িত্ব সীমাবদ্ধ ৰাখিবলগীয়া হৈছে । ইয়াৰ ফলত যোৱা তিনিমাহ বিষয়ববীয়াসকলে হামিয়াই-হিকটিয়াই থাকিবলগীয়া হোৱা বুলি সদৰী কৰে পৰিষদৰ সূত্ৰ‌ই ।

লগতে সূত্ৰটোৱে কয় যে পৰিষদ গঠনৰ সময়ত স্বয়ং মুখ্যমন্ত্ৰীয়ে কাৰ্যবাহী সদস্যসকলক শীঘ্ৰে উন্নয়নমূলক আঁচনিৰ প্ৰস্তাৱ দাখিল কৰিবলৈ কৈছিল । সেই মতে প্ৰস্তাৱো দাখিল হয় । উদাহৰণস্বৰূপে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ পৰা ২৮ কোটি টকাৰ প্ৰস্তাৱ দাখিল কৰা হয় । কিন্তু এক কোটিৰ লগতে প্ৰস্তাৱৰ ধনো চৰকাৰৰ বিবেচনাৰ আওতাত নোসোমাল । সেয়েহে প্ৰয়োজনীয় পুঁজি চৰকাৰক মোকলাই দিবলৈ জনগোষ্ঠীকেইটাৰ বিভিন্ন সংগঠনে চৰকাৰক দাবী জনাইছে ।

প্ৰসংগক্ৰমে উল্লেখ্য যে সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ দেওবাৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাতো স্বায়ত্বশাসিত পৰিষদক প্ৰয়োজনীয় পুঁজি চৰকাৰক মোকলাই দিবলৈ অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । জনগোষ্ঠীটোৰ বিকাশৰ বাবে উন্নয়নমূলক কাম-কাজ কৰিব পৰাকৈ পুঁজি মোকলোৱা প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ সভাই চৰকাৰক আহ্বান জনায় । অথচ সংশ্লিষ্ট জনগোষ্ঠীকেইটাৰ উন্নয়নৰ লক্ষ্যৰে শেহতীয়া পৰিষদকেইখন গঠন কৰা হৈছিল ।

Exit mobile version