দিল্লীৰ এইমছত ৫০০ টকালৈকে ৰােগ পৰীক্ষণ বিনামূলীয়া

AIIMS

দিল্লীস্থ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ত চিকিৎসা গ্রহণ কৰা ৰােগীসকলে এতিয়াৰে পৰা ৫০০ টকালৈকে ৰােগ পৰীক্ষণৰ ক্ষেত্ৰত কোনাে মাচুল আদায় দিব নালাগে।

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মণ্ডাবিয়াৰ নিৰ্দেশত এইমছৰ সমিতিয়ে আগবঢ়োৱা পৰামৰ্শৱলীক স্বাস্থ্য মন্ত্রণালয়ে স্বীকৃতি দিলে।

এইমছৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি, ৫০০ টকালৈকে ৰােগ পৰীক্ষণৰ ক্ষেত্ৰত মাচুল ৰেহাইৰ ব্যৱস্থা বর্তমানেও চিকিৎসালয়খনত আছে যদিও ই সকলাে ৰােগীৰ ক্ষেত্ৰত প্রযােজ্য নহৈছিল।

কিন্তু এতিয়াৰে পৰা সকলাে শ্ৰেণীৰ ৰােগীয়ে ৫০০ টকালৈকে ৰােগ পৰীক্ষণৰ মাচুল ৰেহাই লাভ কৰিব। এইমছ দিল্লীত এতিয়াৰে পৰা এক্সৰে, আলট্রাছাউণ্ড আৰু বিভিন্ন ৰক্ত পৰীক্ষা ৰােগীয়ে বিনামূল্যে কৰাব পাৰিব। এই সিদ্ধান্তৰ ফলত দৰিদ্ৰ ৰােগীসকল উপকৃত হব।

Exit mobile version