UK : বিনামূল্যৰ পার্কিংলটত গাড়ী ৰাখিও দিবলগীয়া হ’ল মোটা জৰিমনা ! অদ্ভুত কাৰণ জানি আচৰিত মহিলা

1640604324 uk women

বিনামূল্যৰ পার্কিংলটত গাড়ী ৰাখিও মোটা অংকৰ জৰিমনা দিবলগীয়া হ’ল এগৰাকী মহিলাই । অৱশ্যে জৰিমনা দিয়াৰ কাৰণ জানিলে আচৰিত হ’ব আপুনিও । কেৱল গাড়ীৰ আকাৰ ডাঙৰ হোৱাৰ বাবেই জৰিমনা দিবলগীয়া হ’ল যুক্তৰাজ্যৰ নটিংহেমছায়াৰৰ বেকন হিল ৰিটেল পার্কৰ ট্রেচি কার্লাইলে । মহিলাগৰাকীয়ে জৰিমনাৰ বাবদ মুঠ এশ ইউৰো অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ন হেজাৰ টকা দিবলগীয়া হয় ৷

এক প্রতিবেদন অনুযায়ী, ট্রেচিয়ে জনায় যে, তেওঁৰ নিছান নাভাৰা গাড়ীখন যিকোনো স্থানতে ৰাখিবলৈ অতি বৃহৎ ।

তেওঁ আৰু তেওঁৰ স্বামী গ্রাহামে যাতে সহজেই গাড়ীৰ পৰা ওলাব পাৰে, তাৰ বাবে তেওঁ পার্কিংঙৰ বগা ৰেখা আবদ্ধ কৰি ৰাখিছিল । ১৫ মিনিট পাছত দম্পতিহালে উভতি আহি, তেওঁৰ নিজৰ গাড়ীৰ উইণ্ড’স্ক্রিনত জৰিমানাৰ ৰচিদ দেখা পায় ।

নিজৰ ভুল স্বীকাৰ কৰিলেও জৰিমনাৰ টকাক লৈ আপত্তি দৰ্শাই ট্রেচিয়ে । তেওঁ কয়, ‘‘আমি জানো কেনেদৰে গাড়ী পার্ক কৰিব লাগে । আমি যান-জটৰ সৃষ্টি কৰা নাই । আমি সদায় অন্যৰ কথা ভাবি গাড়ী পার্ক কৰো ।’’

ট্রেচি এগৰাকী মেডিকেল ছেক্রেটেযৰী , জৰিমনা কমোৱাৰ অনুৰোধ কৰি ইতিমধ্যে এই সংস্থাক এটা আবেদনপত্র জমা দিছে বুলিও তেওঁ জনাইছে ।

Exit mobile version