কৃষকক প্ৰদান কৰা বিনামূলীয়া আলুৰ বীজ বিক্ৰী কৰি ৰোষত ভিচিডিচিৰ উপাধ্যক্ষ

135d5743 0ebf 4b6a a9c0 69736530e89c

বাগসাৰ খাৰিজা বিজনীৰ বাৰাপেটাত কৃষকৰ বাবে চৰকাৰীভাবে আৱণ্টিত বিনামূলীয়া বীজ বিতৰণ নকৰি সেয়া আত্মসাতৰ অভিযোগ উঠিছে বাৰাপেটা ভিচিডিচিৰ উপ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে৷

বাগসাৰ বাৰাপেটা ভিচিডিচিৰ ইউপিপিএল দলৰ উপ অধ্যক্ষ বাহাৰুল মণ্ডলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ ইতিমধ্যে হিতাধিকাৰী কৃষকে এই সংক্ৰান্তত আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ৷

উল্লেখ্য যে বৃহত্তৰ খাৰিজা বিজনী বাৰাপেটা অঞ্চলটোৰ কৃষকৰ বাবে বিটিআৰ চৰকাৰে কিছুদিন পূৰ্বে প্ৰদান কৰিছিল বিনামূলীয়া আলুৰ বীজ৷এই বীজ বিতৰণৰ দায়িত্বত থকা বাৰাপেটা ভিচিডিচিৰ উপ অধ্যক্ষ বাহাৰুল মণ্ডলে নিয়ম অনুসৰি বীজ প্ৰদান নকৰাৰ অভিযোগ কৃষক ৰাইজৰ৷

নামমাত্ৰ কেইগৰাকীমান কৃষকক এই আলুৰ বীজ বিতৰণ কৰি বাকী বৃহৎসংখ্যক বীজ ভিচিডিচিৰ উপ অধ্যক্ষ বাহাৰুল মণ্ডলে বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কৃষক ৰাইজৰ লগতে শালবাৰী জিলা এবিএমছুৰ সভাপতি স্বাইজুদ্দিন খণ্ডকাৰে৷

ইতিমধ্যে ভূক্তভোগী কৃষকে বাহাৰুল মণ্ডলৰ লগতে এই কেলেংকাৰীত জড়িত ছাইফুল মণ্ডল,উচমান মণ্ডলৰ বিৰুদ্ধে স্থানীয় লাৱদাংগুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷ ভুক্তভোগী কৃষক ৰাইজে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰে এই কেলেংকাৰীৰ উপযুক্ত তদন্ত কৰি দোষীক শাস্তি প্ৰদান নকৰিলে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ এবিএমছুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে শালবাৰী জিলা এবিএমছুৰ সভাপতি স্বাইজুদ্দিন খণ্ডকাৰে৷

Exit mobile version