বজালীৰ শুকিলাৰপাৰ কলবাৰীত হৃদয় বিদাৰক ঘটনা

কণমানি শিশুসহ মাতৃৰ আত্মহত্যা

1599733600 untitled design 5

চৰম হতাশা, নিৰাশা আৰু মানসিকভাৱে ভাগি পৰি এগৰাকী দুৰ্ভগীয়া মাতৃ নিজৰ দুবছৰীয়া কণমানি পুত্ৰৰ সৈতে নিজ ঘৰতে চিপলৈ আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বজালীৰ বাঘমাৰাৰ সমীপৰ শুকিলাৰপাৰ কলবাৰী চুবাত।

তথ্য অনুসৰি বাঘমাৰাৰ ক্ষুদ্ৰ ব্যৱসায়ী মৃদুল বৈশ্যৰ পত্নী শিখা বৈশ্য (২৬) আৰু দুই বছৰীয়া পুত্ৰ নিশিত বৈশ্যৰ মৃতদেহ সোমবাৰে নিশা নিজ বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় ৷

বাঘমাৰা বজাৰত এখন ষ্টেচনাৰী সামগ্ৰীৰ দোকানী মৃদুল বৈশ্যই যোৱা নিশা ন বজাত তেওঁৰ দুই বছৰীয়া পুত্ৰসহ পত্নীক চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাছতে আৰক্ষীক খবৰ দিয়াৰ ব্যৱস্থা কৰে ৷

ইয়াৰ পাছতে নিশা ঘটনাস্থলীত বাঘমাৰা আৰক্ষী উপস্থিত হৈ দুই মাতৃ পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

আনহাতে এই ঘটনাৰ পাছতে ঘটনা সংক্ৰান্তত আৰক্ষীৰ ওচৰত শিখা বৈশ্যৰ স্বামী মৃদুল বৈশ্যই এখন এজাহাৰ দাখিল কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও মৃদুল বৈশ্যই ব্যক্ত কৰা অনুসৰি কিছুদিন মানসিক চাপত ভুগি আছিল পত্নী শিখা বৈশ্য৷ যাৰ পৰিপ্ৰেক্ষিততে হয়তো কণমানি পুত্ৰসহ মহিলাগৰাকীয়ে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷

আনহাতে একাংশ ওচৰ চুবুৰীয়াই প্ৰকাশ কৰা অনুসৰি স্বামীয়ে পত্নী আৰু পুত্ৰক পত্নীৰ পিতৃগৃহ মৰিগাঁওলৈ পঠিয়াই দিব বিচাৰি আছিল ৷ ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰু আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব বুলি বাঘমাৰা আৰক্ষী চকীৰ তদন্তকাৰী বিষয়াই জানিবলৈ দিছে। এই ঘটনাই এতিয়া বজালীত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Exit mobile version