ভৱানীপুৰত পৰিবহণ বিভাগ আৰু যুটীয়া অভিযান

21 04 20 Guwahati Police checking dispur 2 750x430 1

নৱবৰ্ষক আদৰাৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে যান-বাহণ আইন ভংগকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে আৰক্ষী তথা পৰিবহন বিভাগ ।

আজি ভৱানীপুৰ চʼক বজাৰত ভৱানীপুৰ আৰক্ষীৰ সহযোগত বৰপেটা পৰিবহণ বিভাগে এক যুটীয়া অভিযান চলাই আইন ভংগকাৰীৰ বিৰুদ্ধে ।

বৰপেটা পৰিবহণ বিভাগৰ সহকাৰী প্ৰবৰ্তক পৰিদৰ্শক মোহন ৰায়ৰ নেতৃত্বত ভৱানীপুৰ আৰক্ষীৰ সহযোগত ভৱানীপুৰ চʼক বজাৰত মটৰচাইকেল, চাৰিচকীয়া বাহন, বাছ আদি পৰ্যবেক্ষণ তথা তালাচি চলাই ।

বিভিন্ন গৰাকী মটৰচাইকেলৰ চালক তথা আৰোহীয়ে হেলমেট পৰিধান নকৰাৰ বাবে আৰু চাৰিচকীয়া বাহনত চিটবেল নলগোৱাৰ বাবে জৰিমণা বিহা হয় ।

অভিযানৰ সময়চোৱাত প্ৰায় লক্ষাধিক টকাৰ জৰিমণা বিহাৰ লগতেই অৰ্ধ শতাধিক গোচৰ ৰুজু কৰে । নৱবৰ্ষৰ প্ৰাকক্ষনত দূৰ্ঘটনা ৰোধৰ বাবে পৰিবহণ বিভাগ তথা আৰক্ষীয়ে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে বৰপেটা পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসে ।

Exit mobile version