২০২১ বৰ্ষত ভাৰতত অর্বুদপতিৰ সংখ্যা ১২৬ জনলৈ বৃদ্ধি

027bce101592ba6fbb283c5db7c98f88 original

বর্ষতাে ভাৰতৰ উদ্যোগপতি আৰু বিনিয়ােগকাৰীৰ বাবে উল্লেখযােগ্য আছিল। প্রকাশিত তথ্য অনুসৰি,চলিত বৰ্ষত দেশত অর্বুদপতিৰ সংখ্যা ১২৬ জনলৈ বৃদ্ধি পালে। দেশৰ অবুদপতিৰ তালিকাত শীর্ষ স্থানত আছে ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানী।

বিগত ডেৰ বছৰ ধৰি দেশৰ পুঁজি বজাৰৰ প্রদর্শন যথেষ্ট উন্নত হােৱাত অবুদপতিৰ সংখ্যাও বৃদ্ধি পায়। এক বিলিয়ন ডলাৰ অর্থাৎ প্রায় ৭৫,০০০ কোটি টকাৰ সম্পত্তি আহৰণ কৰা ব্যৱসায়ী- উদ্যোগপতিৰ সংখ্যা ভাৰতত ২০২০ বৰ্ষত ৮৫ জন আছিল।

চলিত বৰ্ষত এক বিলিয়ন ডলাৰ বা ততােধিক সম্পত্তিৰ গৰাকী হােৱা ভাৰতীয়ৰ সংখ্যা ১২৬ জনলৈ বৃদ্ধি পালে। এইসকল দেশীয় অর্বুদপতিৰ । মুঠ সম্পত্তিৰ পৰিমাণ বর্তমানে ৭২৮ বিলিয়ন ডলাৰ অর্থাৎ প্রায় ৫৪.৬ লাখ কোটি টকা হ’ব।

২০২০ৰ ডিচেম্বৰত ভাৰতত অবুদপতিৰ হাতত থকা মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৪৯৪ বিলিয়ন ডলাৰ অর্থাৎ ৩৭ লাখ কোটি টকা। প্রতিবেদনৰ তথ্য অনুসৰি, দেশৰ ১২৬ অর্বুদপতিৰ হাতত থকা মুঠ সম্পত্তিৰ পৰিমাণ হৈছে দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি)ৰ ২৫ শতাংশৰ সমান।

যােৱা বছৰত অবুদপতিৰ হাতত থকা সম্পত্তি আৰু জি ডি পিৰ অনুপাত আছিল ১৮.৬ শতাংশ। বর্তমানে আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১০৪.৭ বিলিয়ন ডলাৰ অর্থাৎ ৭.৮৫ লাখ কোটি টকা। যােৱা বছৰৰ তুলনাত চলিত বৰ্ষত আম্বানীৰ সম্পত্তি ২১.৪ শতাংশ বৃদ্ধি পালে।

২০১৯ত আম্বানীৰ সম্পত্তি ৩৭ শতাংশ বৃদ্ধি পাইছিল। চলিত বৰ্ষত দ্রুতগতিত সম্পত্তি বৃদ্ধি পালে উদ্যোগপতি গৌতম আদানীৰ। ২০২১ বৰ্ষত আদানীৰ সম্পত্তিৰ পৰিমাণ ৮২.৪৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি পালে। ২০২০ৰ ডিচেম্বৰৰ তুলনাত আদানীৰ সম্পত্তি ৪০ বিলিয়ন ডলাৰ বৃদ্ধি পালে।

২০১৯ত আদানীৰ সম্পত্তিৰ পৰিমাণ আছিল ২০ বিলিয়ন ডলাৰ। উইপ্র’ৰ মুৰব্বী আজিম প্রেমজী, এইচ চি এলৰ শিৱ নাডৰ আৰু ইনফ’ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূর্তি সম্পত্তিও চলিত বৰ্ষত যথেষ্ট বৃদ্ধি পালে।

Exit mobile version