Iphone:অনলাইনত অৰ্ডাৰ কৰিছিল আইফোন,কি আহিলে শুনিলে চকু কঁপালত উঠিব আপোনাৰ

Apple iPhone 11 Pro

বিগত কেবাবছৰত গ্ৰাহকসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে অনলাইন শ্বপিং ছাইটসমূহ। সময় অনুযায়ী গ্ৰাহকৰ ওচৰত সমগ্রী দিয়া আৰু সামগ্ৰীৰ মানদণ্ড বজাই ৰখাটো তেওঁলোকৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ ।

তথাপিও অনলাইনত বজাৰ কৰোতে ঠগ খাইছে বহুলোকে । এনে এটা ঘটনা ঘটিল ইংলেণ্ডৰ লিডছৰ বাসিন্দা ডেনিয়েল কেৰলৰ স’তে । অনলাইনত এটা ফোন অৰ্ডাৰ কৰি ফোনৰ সলনি ডেনিয়েলে পালে চকলেট ।

বিগত দুই ডিচেম্বৰত মোবাইল নিৰ্মাতা সংস্থা এপলৰ নিজা ৱেবছাইটত এটা আইফোন ১৩ অৰ্ডাৰ দিছিল ডেনিয়েলে। ফোনটোৰ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা।

সামগ্ৰী যোগানকৰ্তা সংস্থা ডিএইচএলয়ে ১৭ ডিচেম্বৰৰ ভিতৰত ডেনিয়েলৰ ঘৰলৈ ম’বাইলটো ডেলিভাৰ কৰিব বুলি জনায় । প্ৰায় দুসপ্তাহ পাছত, তেওঁ যোৱা শুক্ৰবাৰলৈকে ফোনটো হাতত নোপোৱাকৈ ডিএইচএলৰ ৱেৰহাউচৰ পৰা ম’বাইল ডেলিভাৰীটো লোৱাৰ সিদ্ধান্ত লয়।

সেই কথা তেওঁ সংস্থাৰ ৱেবছাইটক জনোৱাত তেওঁক শনিবাৰে আহিবলৈ কোৱা হয়। ঘৰৰ পৰা ২৪ মাইল দূৰত ডিএইচএলৰ গুদামৰ পৰা ম’বাইলটো লৈ যোৱাৰ পাছত পেকিংৰ মানদণ্ডৰ ওপৰত সন্দেহ জন্মিছিল ডেনিয়েলৰ।

লৰালৰিকৈ বাকচটো খোলাৰ লগে লগে তেওঁৰ চকু কপালত উঠিল ! ম’বাইলৰ সলনি বাকচটোত আছে দুটা চকলেট । সেইটোও আকৌ টয়লেট পেপাৰত মেৰিয়াই দিয়া ।

ডেনিয়েলে ঘটনাটো ব্যাখ্যা কৰি টুইটাৰত প’ষ্ট কৰিছে। তেওঁৰ প’ষ্টত যোগান কোম্পানী ডিএইচএলকো টেগ কৰে। সংস্থাৰ তৰফৰ পৰা ডেনিয়েলক কোম্পানীটোৱে জনাইছিল যে তেওঁলোকে ঘটনাটোৰ অন্তৱৰ্তীকালীন তদন্ত আৰম্ভ কৰিছে ।

ডেনিয়েলে যাতে চকলেটৰ সলনি ম’বাইল পাই তাৰ বাবে এপলৰ স’তে যোগাযোগ ৰাখিছে বুলি জনাইছে সংস্থাই ।

Exit mobile version