Lizard in Mid-day meal‌ : খাদ্যত জেঠী ! মধ্যাহ্ন ভোজন খাই অসুস্থ ৮০ শিক্ষাৰ্থী

1605819296 5fb6dba0d720a midday meal

কেতিয়াবা শুকান ৰুটিৰ লগত কেৱল নিমখ, কেতিয়াবা আকৌ দলিতৰ হাতৰ ৰন্ধা খাবলৈ অস্বীকাৰ — মধ্যাহ্ন ভোজনক লৈ বিতর্ক নতুন নহয় । এইবাৰ সম্ভৱত সকলো বিতৰ্ককে পিছ পেলালে কর্নাটকৰ বিদ্যালয়ে । মধ্যাহ্ন ভোজনত পোৱা গ’ল জেঠী । সেই খাদ্য খাই অসুস্থ হৈ হাস্পাতালত চিকিৎসাধীন ৮০জন শিক্ষাৰ্থী । এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দক্ষিণৰ ৰাজ্যত ।

তথ্য অনুসৰি, কর্নাটকৰ হাভেৰি জিলাৰ ভেংকটপুৰা টাণ্ডা গাঁৱৰ চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ আহাৰত পোৱা গৈছে জেঠী । বিদ্যালয়ৰ এজন শিক্ষাৰ্থীৰ আহাৰত পোৱা যায় জেঠীৰ দেহাংশ । ইয়াকে দেখি সকলো‌ শিক্ষাৰ্থীৰ মাজত হুলস্থূলৰ সৃষ্টি হয় ।

দ্রুত ভোজনত বহা ৮০ জন শিক্ষাৰ্থীক নিকটৱর্তী ৰানিবেন্নুৰৰ হাস্পাতাললৈ লৈ যোৱা হয় । বিদ্যালয় কর্তৃপক্ষই জনায়, প্রাথমিক চিকিৎসাৰ পাছত সকলো শিক্ষাৰ্থীকে যাবলৈ দিয়া হৈছে । জিলা প্রশাসনে সংশ্লিষ্ট বিদ্যালয়খনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নির্দেশ দিছে । কেনেদৰে আহাৰত জেঠী আহিল সেয়া এই পর্যন্ত স্পষ্ট নহয় ।

কিছুদিন পূৰ্বে তামিলনাডুৰ চৰকাৰী বিদ্যালয়ত পচা কণী দিয়াৰ অভিযোগ উত্থাপিত হৈছিল । এইবাৰ কর্নাটকত মধ্যাহ্ন ভোজনৰ আহাৰত পোৱা গ’ল জেঠী ।

Exit mobile version