ওদালগুৰিৰ ভিন্ন প্ৰান্তত আৰক্ষী-পৰিবহন বিভাগৰ মাৰাথান অভিযান

দূৰ্ঘটনা ৰোধৰ স্বাৰ্থত ৰাজ্যৰ মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে পূৰ্ৱতকৈ অধিক তৎপৰ হৈ পৰিছে ওদালগুৰি জিলা পৰিবহন বিভাগ।

চলিত ডিচেম্বৰ মাহৰ ভিতৰতে ওদালগুৰি জিলা পৰিবহন বিভাগটোৱে ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত আইন ভংগকাৰী চালকৰ বিৰুদ্ধে অভিযান চলাই আজি পৰ্যন্ত ২৪১ টাকৈ গোচৰ ৰুজু পঞ্জীয়ন কৰাৰ লগতে ৭০ খনকৈ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে।

এই অভিযানকালত বিভাগটোৱে এটা মাহতে ৩.১৩ লাখ টকাৰ জৰিমনা সংগ্ৰহ কৰাৰ তথ্য জিলা প্ৰশাসনে সংবাদ মাধ্যমক অৱগত কৰে। উল্লেখ্য যে ৰাজ্যৰ মূখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছতে এইবাৰ পুনৰ কঠোৰ হৈ পৰিছে পৰিবহন বিভাগ।

বিশেষকৈ সমাগত ৩১ ডিচেম্বৰত যাতে অনাকাংক্ষিত পথ দূৰ্ঘটনাত কোনো লোকৰ প্ৰাণহানি নহয় তাৰ প্ৰতি লক্ষ ৰাখি পৰিবহন বিভাগটোৱে বিগত দহদিন ধৰি ৰাইজৰ মাজত সজাগতা চলোৱাৰ লগতে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

সমান্তৰালভাৱে ওদালগুৰিৰ পৰা ভৈৰৱকুণ্ড বনভোজস্থলীলৈ যোৱা পথৰ ওপৰত তীক্ষ নজৰ ৰাখিছে জিলা আৰক্ষী বিভাগৰ লগতে পৰিবহন বিভাগটোৱে। বিগত বৰ্ষবোৰত উক্ত পথছোৱাত সংঘটিত পথ দূৰ্ঘটনাত একাধিক লোকৰ প্ৰানহানি হোৱাৰ প্ৰতি লক্ষ ৰাখি মদ্যপান কৰি বাহন চলোৱাৰ বাবেই গৰিষ্ঠসংখ্যক দূৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰিছে পৰিবহন বিভাগে।

ফলস্বৰূপে আজি ওদালগুৰি আৰক্ষী, পৰিবহন বিভাগ আৰু জিলা আইন সেৱে প্ৰাধিকাৰীৰ উদ্যোগত ওদালগুৰি-ভৈৰৱকুণ্ড পথৰ কাহিবাৰীত এক বিশেষ অভিযান আৰম্ভ কৰে বিভাগকেইটাই।

অভিযানত হেলমেট পৰিধান নকৰা, ছিটবেল্ট নলগোৱা তথা নথি অবিহনে বাহন চলোৱা আৰু সুৰাসক্ত চালকৰ বিৰুদ্ধে একাধিক গোচৰ পঞ্জীয়নৰ লগতে আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত লোক আদালতত উক্ত গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰে।

আজিৰ অভিযানত উপস্থিত থাকি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যূৎ দাস বড়োৱে সাংবাদিকৰ সন্মুখত মন্তব্য কৰি কয় যে “এইবাৰ কোনো আইন অমান্যকাৰীয়ে সাৰি যাব নোৱাৰে।

বনভোজৰ বতৰ বুলি সকলোৱে ফুৰ্টি কৰক তাত আমাৰ কবলগীয়া নাই। কিন্তু ফুৰ্টিৰ নামত আইন ভংগকাৰীক ৰেহাই দিয়া নহব। আগন্তুক ৩১ ডিচেম্বৰৰ দিনটোত সকলোৱে আইনৰ ভিতৰত থাকি আনন্দ কৰক। ফুৰ্টি কৰাৰ নামত সুৰাপান কৰি বাহন চলাই আনৰ জীৱনক লৈ হেতালি খেলাটো সহ্য কৰা নহ’ব।

ওদালগুৰি জিলাৰ সকলো আৰক্ষী থানা, আৰক্ষী চকীসমূহক ৩১ ডিচেম্বৰৰ বাবে অধিক সক্ৰিয় কৰা হৈছে। জিলাখনৰ ভিন্ন স্থানত আমাৰ আৰক্ষীৰ তহল অব্যাহত থাকিব। আইন ভংগকাৰীসকলক আমি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম।”

সমান্তৰালভাৱে ক’ভিডৰ কথা নাপাহৰি সকলোকে কভিডৰ নীতি নিয়ম পালনৰো আহ্বান জনায়‌। আজিৰ এই বিশেষ অভিযানকালত পৰিবহন বিভাগৰ এম‌ভিআই ন‌ইমুদ্দিন আহমেদ, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিৱ অজয় কুমাৰ বসুমতাৰীৰ লগতে তিনিওটা বিভাগৰে লোকসকল উপস্থিত থাকে।

উল্লেখ্য যে জিলা পৰিবহন বিভাগে ইতিমধ্যে জিলাখনৰ ভিন্ন প্ৰান্তত মাইকযোগে আইন ভংগ নকৰিবলৈ আহ্বান জনায়।

Exit mobile version