বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যতিক্ৰমী পদক্ষেপ ৷ চাইক্লিঙৰ জৰিয়তে যুৱ সমাজক সজাগ কৰাৰ প্ৰয়াস ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলৰ৷
ADVERTISEMENT
উঠি অহা যুৱ প্ৰজন্মক অনাহকত বাইক চলোৱাৰ পৰিৱৰ্তে চাইকেল চলোৱাৰ আহ্বান জনাই সৰভোগৰ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ১৫ জনীয়া এটি দলে মঙলবাৰে অসমীয়াৰ স্বাভিমান গামোচা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা লগত লৈ চাইকেল চলাই আহি উপস্থিত হয় মানাহ ৰাষ্ট্ৰীয় উদ্যানত৷
অনাহকত বাইক চলোৱাৰ পৰিৱৰ্তে চাইকেল চলালে দেহমন,স্বাস্থ্য ঠিকে থকাৰ বাণী লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত উপস্থিত হোৱা বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে ইতিপূৰ্বে কেবাঠাইতো চাইকেল সমদল কৰি উঠি অহা যুৱ প্ৰজন্মক সজাগ কৰাৰ চেষ্টা চলোৱা বুলি জানিবলৈ দিয়ে৷