Jharkhand : ৰেচন কাৰ্ড থাকিলে মাহে ২৫০ টকাৰ ৰাজসাহায্য পেট্ৰলত ! ঘোষণা ঝাৰখণ্ড চৰকাৰৰ

petrol diesel price sixteen nine

মাহে ২৫০ টকা কৰি পেট্ৰল দিব চৰকাৰে । কিন্তু ইয়াত আছে কিছুমান চৰ্ত । এই ৰাজসাহায্য প্ৰাপ্ত কৰিবলৈ, ব্যক্তিজনৰ ওচৰত থাকিব লাগিব ৰেচন কাৰ্ড ।

ঝাৰখণ্ডৰবাসী বাবে নতুন উপহাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হেমন্ত চৰণে ।লগতে তেওঁ জনালে ৰাজসাহায্যৰ এই ধন পোনপটীয়াকৈ ৰেচন কাৰ্ডগৰাকীৰ বেংক একাউণ্টলৈ যাব।

মুখ্যমন্ত্ৰীয়ে কয় ,”পেট্ৰ’ল আৰু ডিজেলৰ মূল্য আকাশচুম্বী। ই দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। এজন দৰিদ্ৰ লোকৰ মটৰচাইকেল থকা স্বত্বেও, অত্যাধিক ইন্ধনৰ মূল্যৰ বাবে তেওঁ গাড়ী চলাব নোৱাৰে। কামলৈ যাবলৈ সেই মটৰচাইকেলখন ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে মই সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড থকা বাইক আৰোহীসকলক প্ৰতি লিটাৰত ২৫ টকা কৈ ৰাজসাহায্য দিয়া হ’ব। আৰু সেই টকা পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত পাব। “

ঝাৰখণ্ডত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৮.৫২ টকা। ঝাৰখণ্ড চৰকাৰে ৰাজ্যখনৰ লোকসকলক পেট্ৰ’লৰ আকাশচুম্বী মূল্যৰ পৰা ৰক্ষা কৰিবলৈ উদ্যোগ লৈছে। মুখ্যমন্ত্ৰী হেমন্তে জনাইছে, ২০২২ চনৰ ২৬ জানুৱাৰীৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব।

চৰকাৰী সূত্ৰঅনুসৰি, এই নিয়ম কাৰ্যকৰী হ’লে ৰাজ্যখনৰ ৬২ লাখ লোক উপকৃত হ’ব।

Exit mobile version