জয়ন্ত মল্ল বৰুৱাক মুফতি উপাধিৰে বিভূষিত কৰিলে বিধায়ক ড৹ ৰফিকুল ইছলামে

এইবাৰ বিধায়ক তথা মুখ্যমন্ত্ৰী ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাক মুফতি উপাধিৰে বিভূষিত কৰিছে জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলামে।

মুছলমান সকলক ফতোয়া দিবলৈ তেওঁলোকৰ মুফতি আছে। মুফতি জয়ন্ত মল্ল বৰুৱাৰ দৰে মুফতিৰ পৰা তেওঁলোকৰ কোনো ফতোয়াৰ দৰকাৰ নাই বুলি কয় বিধায়কজনে।

জনীয়া সমষ্টিৰ অন্তৰ্গত ছুনপুৰা হাজীপাৰা মছজিদৰ পুনৰ নিৰ্মাণ কামৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ড৹ ৰফিকুল ইছলামে এনেদৰে কে’বাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়।

লগতে তেওঁ কয় ১৯ গৰাকী মন্ত্ৰীৰ কাম অকলে কৰিবলৈ গৈ প্ৰতি মূহুৰ্ততে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাথা গৰম হৈ থাকে। তাৰ কাৰণে কেতিয়াবা কেতিয়াবা প্ৰলাপ বকে মুখ্যমন্ত্ৰীয়ে।

জনীয়া সমষ্টিত এজনো বিদেশী নাই আৰু বিভিন্ন সময়ত সন্দেহ যুক্ত শব্দটোৰে বিজেপিয়ে ৰাইজৰ মাজত নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে বুলিও কয় বিধায়ক গৰাকীয়ে।

মুখ্যমন্ত্ৰীক অন্যান্য মন্ত্ৰী সকলক নিজৰ নিজৰ বিভাগৰ কাম ভগাই দিবলৈও পৰামৰ্শ আগবঢ়ায় ড৹ ৰফিকুল ইছলামে।

Exit mobile version