তালিবানৰ পথেৰে পাকিস্তান, কলেজীয়া ছাত্ৰক টি ছাৰ্ট-জিন্‌ছ পৰিধানত নিষেধাজ্ঞা

DKFY61NXcAAP3Ml

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ এখন বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীৰ বাবে পোছাক বিধি প্ৰৱৰ্তন কৰিলে । পাকিস্তানৰ কেন্দ্ৰীয় শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত অলপতে এক নিৰ্দেশনা জাৰি কৰিছিল আৰু ইয়াৰ পাছতে ইউনিভাৰচিটী অৱ এগ্ৰিকালচাৰ ফৈচলাবাদে শিক্ষাৰ্থীৰ বাবে জাননী জাৰি কৰি কয় যে শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ চৌহদত চুটি পোছাক, টি ছাৰ্ট, জিন্‌ছ কেজুৱেল ট্ৰাউজাৰ, প্ৰিণ্টেড টি ছাৰ্ট পৰিধান কৰিব নোৱাৰিব ।

বিশ্ববিদ্যালয়খনে ছাত্ৰীৰ ক্ষেত্ৰতো টি ছাৰ্ট, জিন্‌ছ, শ্লিভলেছ পোছাক, শৰীৰত লিপিট খোৱা পোছাক পৰিধানত নিষেধাজ্ঞা আৰোপ কৰিছে । বিশ্ববিদ্যালয়খনৰ এই নিষেধাজ্ঞাৰ পাছত পাকিস্তানেও তালিবানৰ পথেৰে অগ্ৰসৰ হ’ল বুলি অভিযোগ উত্থাপিত হৈছে ।

Exit mobile version