দিল্লী, মুম্বাই, চেন্নাই, বাংগালুৰুত উদযাপন কৰা নহ’ব নৱবৰ্ষ

rsz shutterstock 520564297

দিল্লী, মুম্বাই, চেন্নাই, বাংগালুৰুৰ দৰে মহানগৰত এইবাৰৰ নৱবর্ষ উদ্যাপনত নিষেধাজ্ঞা বহাল থাকিব। ক’ভিডৰ নতুন প্রজাতি অমিক্রনৰ সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি দেশৰ এইসমূহ মহানগৰত নৱবর্ষ উদ্যাপনৰ ক্ষেত্ৰত কঠোৰ বিধি নিষেধ আৰােপৰ সিদ্ধান্ত ল’লে স্থানীয় প্রশাসনে।

দিল্লীত ইতিমধ্যে তলাবন্ধসদৃশ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। মঙলবাৰে দেশৰ ৰাষ্ট্ৰীয় ৰাজধানীত হালধীয়া সতর্কতা জাৰি কৰা হৈছিল। ৰাজধানী চহৰখনত নৱবৰ্ষৰ ৰাজহুৱা পালন বন্ধ ৰখাই নহয়, ইতিমধ্যে দিল্লীত শিক্ষানুষ্ঠান, চিত্রগৃহও বন্ধ ৰখাৰ নির্দেশ দিয়া হৈছে।

মুম্বাইত কোনাে ধৰণৰ ৰাজহুৱা নৱবর্ষ অনুষ্ঠান আয়ােজন কৰিব নােৱাৰিব। একেদৰে বাংগালুৰুতাে নিশা ১০ বজাৰ পৰা পুৱা পাঁচ বজালৈকে অহা সাত জানুৱাৰীলৈ নৈশ সান্ধ্যআইন বাহাল থাকিব। চেন্নাইৰাে প্ৰায়বােৰ অঞ্চলত ৰাজহুৱা সমাবেশ নিষেধাজ্ঞা আৰােপ কৰা হৈছে।

Exit mobile version