Omicron : গণ সংক্রমণৰ দিশে অগ্ৰসৰ অ’মিক্রন, জনালে দিল্লীৰ স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনে

20210604 DLI SKH MN Covid Testing 0004 1 1622813669113 1622813692133

দিল্লীৰ এনে লোকো কৰ’নাৰ অ’মিক্রন ৰূপত আক্রান্ত হৈছে, যিয়ে সম্প্রতি ক’তো ভ্রমণ কৰা নাই । অর্থাৎ লাহে লাহে অ’মিক্রনে গণ সংক্রমণৰ দিশে আগবাঢ়িছে । বৃহস্পতিবাৰে এই তথ্য জনালে দিল্লীৰ স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনে । জৈনে আৰু কয় যে, ৰাজধানীত বিগত দিনটোতে ১১৫টা নমুনাৰ ভিতৰত ৪৬টাত অ’মিক্রন ৰূপৰ সন্ধান পোৱা গৈছে । দিল্লীত অ’মিক্রন আক্রান্তৰ সংখ্যা সর্বাধিক ।

ভাৰতত বিগত ২৪ ঘন্টাত ১৩,১৫৪জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে । দেশত সক্রিয় আক্রান্তৰ সংখ্যা ৮২,৪০২ । মৃতৰ সংখ্যা হৈছে ৪,৮০,৮৬০ ।

বৃহস্পতিবাৰ পর্যন্ত দিল্লীত ২৬৩ আৰু মহাৰাষ্ট্রত ২৫২ জন অ’মিক্রনত আক্রান্ত হৈছে । লগতে দেশত মুঠ অ’মিক্রন আক্রান্তৰ স‌ংখ্যা ৯৬১ জনলৈ বৃদ্ধি পাইছে । ৩২০ জন লোক অমিক্ৰনমুক্ত হৈছে ।

Exit mobile version