Tiger : বাঘৰ মৃত্যুৰ অভিলেখ ২০২১ত, ভাৰতৰ অৰণ্য‌ই হেৰুৱালে ১২৬টা ৰয়েল বেংগল

6aofsvaglm Medium WW226365

দেশত চলিত বৰ্ষত নানা কাৰণত ১২৬টা বাঘৰ মৃত্যু হৈছে । কেন্দ্রীয় চৰকাৰী সংস্থা ‘ৰাষ্ট্ৰীয় ব্যাঘ্র সংৰক্ষণ কর্তৃপক্ষ’ (এনটিচিএ) বৃহস্পতিবাৰে এই পৰিসংখ্যা দি জনাইছে, বিগত এক দশকত বাঘৰ বার্ষিক মৃত্যুৱে অভিলেখ গঢ়িছে ২০২১ত ।

চৰকাৰী পৰিসংখ্যা অনুসৰি, চোৰাং চিকাৰী, পথ দুর্ঘটনা, জনাঞ্চলত সোমাই গণপ্ৰহাৰত মৃত্যু, প্রাকৃতিক দুর্যোগৰ দৰে নানা কাৰণৰ বলি হৈছে ৰাষ্ট্ৰীয় পশু । ইয়াৰ ভিতৰত চোৰাং চিকাৰীৰ গুলি, ফান্দ আৰু বিষত ৬০টা বাঘৰ মৃত্যু হৈছে । চলিত বছৰৰ এক জানুৱাৰীৰ পৰা ২৯ ডিচেম্বৰ পর্যন্ত পোৱা তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্রকাশ কৰা হৈছে ।

২০১২ৰ পৰা ভাৰতত বাঘেশৰ সংখ্যা আৰু মৃত্যু সংক্রান্ত বার্ষিক প্ৰতিবেদন প্রকাশ কৰে এনটিচিএ । প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে, ২০১৬ত ভাৰতত ১২১টা মৃত্যু হৈছিল । এই পর্যন্ত এই সংখ্যাই সর্বোচ্চ আছিল । ২০২১ত বাঘৰ মৃত্যুত শীর্ষত আছে দেশৰ ‘টাইগাৰ ষ্টেট’ মধ্যপ্রদেশ । যোৱা ১২ মাহত ৰাজ্যখনে ৪১টা বাঘ হেৰুৱাইছে । ইয়াৰ উপৰি মহাৰাষ্ট্রত ২৫, কর্নাটকত ১৫ আৰু উত্তৰ প্রদেশত ৯টা মৃত্যুৰ খবৰ নথিভুক্ত হৈছে ।

বিগত এবছৰত দেশত বাঘৰ মৃত্যুৰ প্রকৃত সংখ্যা আৰু অধিক আছিল বুলি ধাৰণা কৰিছে বাঘ সংৰক্ষণৰ স’তে জড়িত বনবিভাগৰ এজন বিষয়াই । তেওঁ কয়, ‘‘দুর্গম, গভীৰ হাবিত প্রাকৃতিক কাৰণত কোনো বাঘৰ মৃত্যু হ’লে অনেক সময়তেই সেয়া দৃষ্টিত নপৰাৰ সম্ভাৱনা থাকে ।’’

২০১৮ৰ সুমাৰিত ভাৰতৰ বিভিন্ন হাবিত ২,৯৬৭টা বাঘৰ অস্তিত্ব নথিভুক্ত হৈছে । ১২৬টা বাঘৰ মৃত্যু সত্ত্বেও চলিত বছৰত সেই সংখ্যা ৩,০০০ৰ ঘৰ অতিক্ৰম কৰিছে বুলি অনুমান কৰিছে বিশেষজ্ঞসকলৰ একাংশ‌ই । প্রসংগত, বিশ্বজুৰি প্রাকৃতিক পৰিৱেশত থকা বাঘৰ ৭৫ শতাংশই ভাৰতৰ অৰণ্যত আছে ।

Exit mobile version