মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ আহ্বানলৈ সঁহাৰিৰে নেহেৰু ষ্টেডিয়ামত ব্যাপক জনসচেতনতা অনুষ্ঠান

বাইক-কাৰ ৰেলীৰে মহানগৰীত পথ সুৰক্ষাৰ সজাগতা সৃষ্টি

৩১ ডিচেম্বৰ আৰু এক জানুৱাৰীত ৰাজ্যত এটাও পথ-দুৰ্ঘটনা সংঘটিত নোহোৱাৰ লগতে এজন লোকেও যাতে অকালতে প্ৰাণ হেৰুৱাবলগীয়া নহয় সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কঠোৰ স্থিতি আৰু এইক্ষেত্ৰত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত পৰিবহণ বিভাগে যোৱা দিনবোৰত জনসচেতনতা অভিযান তীব্ৰতৰ কৰি তোলে।

এই অভিযানৰে অংশ হিচাপে আজি মহানগৰীৰ নেহেৰু ষ্টেডিয়ামত ক্ৰীড়া, সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ ভালসংখ্যক ব্যক্তিৰ লগতে জিলা প্ৰশাসন, আৰক্ষী, পৰিবহণকে ধৰি চৰকাৰৰ কে’বাটাও বিভাগৰ নেতৃস্থানীয় ব্যক্তি এক ব্যাপক জনসচেতনতা অনুষ্ঠানত মিলিত হয় ৷

ইফালে এই জনসচেতনতা সভাৰ পাছতে পৃথকে পৃথকে কাৰ ৰেলী আৰু বাইক ৰেলী উলিয়াই মহানগৰীৰ অতি গুৰুত্বপূৰ্ণ স্থানসমূহ ভ্ৰমণ কৰি পাৰ্যমানে সকলো লোকৰ মাজলৈ পথ সুৰক্ষাৰ সজাগতাৰ দিশসমূহ আগুৱাই নি মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা লাভৰ প্ৰয়াস কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত জনসচেতনতা সভাৰ আৰম্ভণিতেই সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে সকলোকে উদ্দেশ্যি মুখ্যমন্ত্ৰী মহোদয়ে ৩১ ডিচেম্বৰত এটাও পথ দুৰ্ঘটনা হ’বলৈ নিদিও বুলি গ্ৰহণ কৰা কঠোৰ স্থিতিৰ অন্তৰালৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ উল্লেখ কৰি মুখ্যমন্ত্ৰী মহোদয়ৰ আগন্তুক দিনৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তবায়িত কৰাত সকলো ক্ষেত্ৰৰ লোকৰ স্বতঃস্ফূৰ্ত সহযোগিতা আহ্বান কৰে ৷

তেওঁ কয় যে ৰাইজ সুৰক্ষিত হৈ নাথাকিলে এখন ৰাজ্য কেতিয়াও সুৰক্ষিত হ’ব নোৱাৰে ৷ ইয়াৰ বাবে কোনো অভিভাৱকেই যাতে নিজৰ নাবালক সন্তানৰ হাতত বাইক তুলি নিদিয়ে, কোনো লোকেই যাতে হেলমেট-ছীটবেল্ট পৰিধান নকৰাকৈ দুচকীয়া আৰু চাৰিচকীয়া বাহন নচলায়, সকলোৱে তীব্ৰগতি পৰিহাৰ কৰি চলাৰ লগতে কোনোৱে যাতে সুৰাপান কৰি গাড়ী চলাই নিজৰ লগতে আনকো অকাল মৃত্যুৰ সন্মুখলৈ ঠেলি নপঠিয়াই তাৰ প্ৰতি সকলো শ্ৰেণীৰ লোককে মনোনিৱেশ কৰি নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিব লাগিব বুলি পৰিবহণ বিষয়াগৰাকীয়ে মন্তব্য কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয় যে ৩১ ডিচেম্বৰৰ নিশাৰ যি আনন্দ সেয়া যেন কাৰো বাবেই অভিশাপত পৰিনত নহয়। অসাৱধান আৰু বেপেৰুৱা হৈ গাড়ী চলোৱা সকলে নিজৰ লগতে আনলৈকো বিপদ আৰু আতংক কঢ়িয়াই আনে।

সেয়েহে সকলো লোককে ব্যাপক জনসচেতনতাৰে এখন দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ আহ্বান জনাই। ইফালে ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব পবিত্ৰ মাৰ্ঘেৰিটাও অনুষ্ঠানটোত উপস্থিত থাকি বিগত বছৰসমূহত ৩১ ডিচেম্বৰৰ আনন্দ উলাহ উপভোগৰ নামত সুৰাপান কৰাৰ ফলত সংঘটিত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত নিহত লোকৰ এটি সংক্ষিপ্ত পৰিসংখ্যা ডাঙি ধৰি কয় যে বছৰটোৰ ৩৬৫দিনৰ প্ৰতিটো দিনেই পথসমূহ সুৰক্ষিত হৈ থাকক, তেতিয়াহে আমি এখন দুৰ্ঘটনামুক্ত অসমৰ সপোন সন্মুখত লৈ আগবাঢ়ি যাব পাৰিম ৷

উল্লেখ্য যে, জনসচেতনতা সভাখনত উপস্থিত থাকি মহানগৰ জিলা সদৰ এছডিঅ ত্ৰিদীপ ৰয়, ইণ্ডিয়ান অলিম্পিক এচ’ছিয়েছনৰ উপ সভাপতি লক্ষ্য কোৱৰ, ক্ৰীড়া সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক নৱ বসুমতাৰীকে ধৰি ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় ক্ৰীড়াবিদ ফাইলো বসুমতাৰী, বিনুমা ব্ৰহ্ম, দীপা চৌধুৰী, ৰীতা বসুমতাৰী, মিজিং বসুমতাৰীকে ধৰি ভালেসংখ্যক খেলুৱৈ, ক্ৰীড়াবিদ, সাংবাদিক আৰু সমাজ-সংগঠনৰ লোকে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহোদয়ৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাত ব্যাপক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, আজিৰ জনসচেতনতা অনুষ্ঠানটোত এমভিআই জয়সিং ৰংফাৰৰ কথা আৰু সুৰেৰে এটি পথ সুৰক্ষা গীতো মুকলি কৰা হয়।

Exit mobile version