ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোৱা গোলাঘাটৰ ছাত্ৰীৰ গোৱাত ৰহস্যজনক মৃত্যু

মৃতদেহ আনিবলৈ সক্ষম হোৱা নাই স্ব-গৃহলৈ

ee9e2ecf bb62 4de5 9f08 2ce41f73f1b7

গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ গোলাঘাটৰ উদীয়মান খেলুৱৈ ,এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

গোলাঘাট জিলাৰ ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত উষাখৃষ্টান বস্তিৰ নিবাসী জ্‌ন বাগে আৰু মঞ্জু বাগেৰ জেষ্ঠ কন্যা জেনী বাগে (১৯) খেল খেলিবলৈ গৈ আকস্মিক মৃত্যুক আকোঁৱালি লোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় উশ্বু খেলত অংশ গ্ৰহণ কৰিবলৈ যোৱা ২১ ডিচেম্বৰত গো্ৱালৈ গৈছিল জেনী বাগ ।পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে খেল খেলাৰ পৃৰ্বেই উষাগৰঙা জ্ঞানদ্বীপ একাডমিৰ দশম শ্ৰেণীৰ ছাত্ৰী জেনী বাগে ৰহস্যজনক ভাৱে ৰাষ্ট্ৰীয় গোৱাতেই যোৱা ৩০ ডিচেম্বৰ পৃৱা আঠ বাজি ৩০মিনিটত মৃত্যুক আকোৱালি ল’ব ল’গা হয়।

উল্লেখ্য যে দৰিদ্ৰ পৰিয়ালটোৱে উদীয়মান খেলুৱৈ গৰাকীৰ মৃত দেহ স্ব-গৃহলৈ বৰ্তমানেও আনিবলৈ সক্ষম হোৱা নাই । সম্পুৰ্ণ সুস্থ শৰীৰেৰে ঘৰৰ পৰা উশ্বু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰীগৰাকী কি পৰিস্থিতিত কেনেদৰে কৰুণ মৃত্যুক আকোঁৱালি ল’বলগীয়া হয়,পৰিয়ালৰ লোকে সৱিশেষ জানিব পৰা নাই ।

আনকি বৰ্তমানলৈকে জিমীৰ মৃতদেহো স্বগৃহলৈ আনিবলৈ সক্ষম হোৱা চাহ জনগোষ্ঠীৰ আদিবাসী দৰিদ্ৰ পৰিয়ালটোৱে । প্ৰতিভাৱান তেজাল যুৱতীগৰাকীৰ খেল খেলিবলৈ গৈ হঠাতে এনেদৰে গোৱাত মৃত্য হোৱা ঘটনাৰ পাচত শোকত ভাগি পৰিছে পিতৃ,মাতৃ,পৰিয়াল ।

আজি পৃৱা খেলুৱৈ গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে জেমীৰ গৃহত অগণন ৰাইজ, উষাখৃষ্টান বস্তিৰ প্ৰথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকদ্বয় আহি সমবেত হৈ গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদ্‌গতি কামনা কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত অসম চৰকাৰক উপযুক্ত তদন্তৰ ব্যৱস্থা কৰিবৰ বাবে দুৰ্ভগীয়া জিমীৰ পৰিয়ালৰ কাতৰ আহ্বান জনাইছে ।

Exit mobile version