নৱবৰ্ষটো হওক ধৰ্ষণ মুক্ত সমাজ ,মুকলি মনৰ গৰাকী হওক দেশৰ প্ৰতিজন নাগৰিক

প্ৰিয়ম ডি জ্যোৎস্না যুৱ লেখিকা ,কটন বিশ্ববিদ্যালয়

IMG 20200428 200130 01

ক’ৰবাত মই পঢ়িবলৈ পাইছিলাে যে নৱবৰ্ষ হৈছে ৩৬৫ পৃষ্ঠাৰ এক বৃহৎ কিতাপ আৰু পহিলা তাৰিখটো হৈছে সেই কিতাপখনৰ প্রথম উকা পৃষ্ঠা। আমি নিজে সেই কিতাপখনৰ এটা এটা পৃষ্ঠা শব্দ-বাক্যৰে শুৱনি কৰি তুলিম। আশা কৰাে ২০২২ বৰ্ষটোৱে অসমলৈ বহুতাে সু-সংবাদ, সুখ-সম্প্রীতি কঢ়িয়াই আনিব। ২০২১ত আমাৰ বাবে যথেষ্ট প্রত্যাহ্বানপূর্ণ আছিল।

বহুত পালাে আৰু বহুত হেৰুৱালাে। ক’ভিডত বহুতে নিজৰ আপােনজনক হেৰুৱালে, শুনিবলৈ পালাে ক্রন্দন আৰু আর্তনাদ। একেটা সময়তে লাভলীনা বৰগােহাঁয়ে অসমক দিলে বিশ্বখ্যাত অলিম্পিক ব্ৰঞ্জৰ সােৱাদ। ২০২২ তাে সাহিত্য-সংস্কৃতি, ক্রীড়া আদি বিভিন্ন ক্ষেত্ৰত অসম সন্তানে সফলতাৰ আৱৰণেৰে অসমী আইৰ কোলা শুৱনি কৰিব বুলি আশা ৰাখিলাে।

‘আজি বাঁধিতেছি বসি সংকল্প নূতন অন্তরে আমার, সংসারে ফিরিয়া গিয়া হয়তাে কখন ভুলিব আবার। তখন কঠিন মতে এনাে অশ্রুআঁখিপাতে অধমের করিয়াে বিচার। আজি নৱ-বরষ প্রভাতে ভিক্ষা চাহি মার্জনা সবার। ৰবীন্দ্রনাথ ঠাকুৰ নতুন বৰ্ষত সকলােৰে মনত যাতে সহানুভূতিতকৈ সহমর্মিতাই স্থান পায়, তাকে আশা ৰাখিলাে। “John Connolly এ কৈছিল- ‘The nature of humanity, it’s es-sence, is to feel another’s pain as one’s own, and to act to take that pain away.’ সহানুভূতি আৰু সহমর্মিতাৰ মাজত যথেষ্ট প্রভেদ পৰিলক্ষিত হয়।

দুয়ােটা ধাৰণাই মানুহৰ অনুভূতিপ্ৰৱণ মনটোক প্রতিনিধিত্ব কৰে যদিও এটা ধাৰণাৰ মাজতহে প্রকৃত অর্থত দয়া নিহিত হৈ আছে। সহানুভূতিয়ে এনে এক মানসিকতাক সূচায় যত এজন মানুহ বা এটা সমুদায়ৰ যিকোনাে এটা পৰিস্থিতি প্রকৃতাৰ্থত সম্পূর্ণকৈ হৃদয়ংগম নকৰাকৈ কোনােৱে দুখ প্রকাশ কৰে। আনহাতে, সহমর্মিতাই সেই দুখ-শােকবােৰৰ স’তে নিজকে একাকাৰ কৰি দি সেই দুখৰ সমান দাবীদাৰ হৈ উঠাক সূচায়। সহমর্মিতাৰ বাবে মানসিক কার্যদক্ষতা আৰু কল্পনাশক্তিৰ প্ৰয়ােজন হয়।

কিন্তু সহানুভূতিক কেৱল ওঁঠৰ সামান্য কম্পন অথবা লৰচৰ আৰ স্বীকৃতিৰ প্রয়ােজন। সেই কাৰণে মানৱ সমাজত সহানুভূতিতকৈ সহমর্মিতাৰ স্থান উচ্চ। সকলােলৈ নৱবৰ্ষৰ আন্তৰিক শুভ কামনা। ইফালে, বিগত দুবছৰে মহামাৰীৰ বাবে শিক্ষার্থী সমাজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ল।

শিক্ষানুষ্ঠান বন্ধ হৈ পৰাত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল ঘৰতে আবদ্ধ হৈ পৰাৰ লগতে এটা শিক্ষাবর্ষ প্রায় নষ্ট হােৱাৰ উপক্রম হ’ল। বহুতাে ঠাইৰ ছাত্ৰ-ছাত্ৰীৰ হাতত ম’বাইল উপলব্ধ নাছিল আৰু বহু ঠাইত নেটৱৰ্কৰ অসুবিধা। আশা কৰাে, নতুন বছৰটোত চৰকাৰে কোনাে ছাত্র-ছাত্রী যাতে শিক্ষাৰ পােহৰৰ পৰা বঞ্চিত নহয়, তাৰ প্রতি চকু ৰাখিব।

সমান্তৰালভাৱে অসমত বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠা এক উল্লেখনীয় পদক্ষেপ। কিন্তু তাৰ লগতে বর্তমান বিশ্ববিদ্যালয়সমূহৰ উন্নীতকৰণৰ ব্যৱস্থা কৰিব লাগে। নৱবৰ্ষৰ প্রাক্‌ক্ষণত চৰকাৰলৈ আহ্বান জনালাে। ‘শেষত, মােৰ এক ব্যক্তিগত অনুভৱ ক’বলৈ বিচাৰিছাে।

অলপতে মই প্রধানমন্ত্রী আৰু ৰাষ্ট্ৰীয় পুথি ন্যাসে (National Book Trust, India) আয়ােজন কৰা All India Contest of PM Yuva Mentorship schemed opstalo দেশৰ ৭৫ জন যুৱ লেখকৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হলাে। ৩০ ডিচেম্বৰৰ পুৱা মই ডাঃ সুভাষ সৰকাৰৰ (He is currently serving as the Union Minister of State in the Ministry of Education (India) in the Second Modi ministry) পশ্চিমবংগৰ যুৱ লেখক এজনৰ লগত হােৱা ব্যক্তিগত কথােপকথনৰ এটা টুইট দেখা পালাে।

তাৰ আগতে ফলাফল ঘােষণা কৰাৰ দিনা কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে উড়িয়া ভাষাৰ তিনিজন যুৱ লেখকক বিশেষভাৱে অভিনন্দন জনালে আৰু আমাৰ অসমতে অসমীয়া ভাষা যেন উপেক্ষণীয় হৈ ৰ’ল! সর্বভাৰতীয় পর্যায়ৰ যুৱ লেখকৰ তালিকাখনত প্রথম দুটা স্থানৰ অসমৰ নামেৰে অসমৰ বাদে যেন বাকী সকলাে ৰাজ্যতে জিলিকি ৰ’ল।

অসমখন যেন ব্যস্ত থাকিল তথাকথিত বিশেষ কামবােৰত, বিশেষ বাতৰিবােৰত। অসমত বহুতাে প্রতিভাৱান ছাত্র- ছাত্রী আছে। তেওঁলােকক কেৱল উৎসাহ আৰু অনুপ্ৰেৰণাৰ প্রয়ােজন। আশা কৰাে তেওঁলােকক আগবঢ়াই আনিবলৈ চৰকাৰে বিশেষ কিছুমান উল্লেখনীয় আৰু প্রশংসনীয় পদক্ষেপ হাতত ল’ব।

Exit mobile version