New Year 2023 :
যোৰহাট মহিলা বিশ্ববিদ্যালয় অসম । স্নাতকোত্তৰ (শিক্ষা বিভাগ ) প্ৰথম ষাণ্মাসিক ।
নতুন বৰ্ষটো সকলোৰে বাবে হওঁক উদিত সূৰ্য্যৰ প্ৰথম কিৰণ । নতুন বছৰটোৱে যাতে সকলোৰে বাবে সুখ কঢ়িয়াই আনে তাৰে কমনা। প্ৰত্যাশীত মনোকমনাবোৰ প্ৰাপ্তি হওঁক ।
সমাজ হওঁক সকলোৰে বাবে । নৱ প্ৰজন্মৰ সকলো দিশৰে উত্তৰণৰ বাবে হওঁক । সকলোৱে যাতে সমানে সুবিধা পায় নিজৰ নিজৰ দক্ষতাৰ ভিত্তিত।
যিহেতু মইও যুৱপ্ৰজন্মৰে অন্তৰ্গত হ’লেও মই ক’ব বিচাৰো যে নতুনত্বৰ দিশে যুৱক সকল ধাৱিত হওঁক । সমাজৰ কল্যাণৰ বাবে কাম কৰাৰ প্ৰতি আগ্ৰহী হওঁক ।
নৱবৰ্ষত যাতে সকলোৱে নিজৰ ঘৰখনৰ লগতে সমাজৰ হিতৰ বাবে কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ লগতে সকলোৱে যাতে মিলা – প্ৰীতিৰে সময়বোৰ অতিবাহিত কৰে তাৰে কামনা।
মই এগৰাকী শিক্ষা বিভাগৰে ছাত্ৰী । NEP ২০২০ খনে শিক্ষাজগতলৈ এক সুফল সূচনা কৰিব বুলি আশাবাদী । তদুপৰিও মই ক’ব বিচাৰিম যে নিবনুৱা সমস্যা দূৰ কৰিব পৰা শিক্ষাহে বৰ্তমান সমাজত প্ৰয়োজন।