ভগৱানে সহায় কৰিলে সকলো সফল হ’ব

ছয়নিকা কাশ্যপ

c749125f 975e 43a0 be81 4522472cecef

পুৰণিক বিদায় দি নতুনক আদৰণি জনাওঁ তথাপি আনন্দৰ মাজতে মনত শংকা, উদ্বেগ হৈছে কিয়নাে ২০২০-২১ বৰ্ষটো জনতাৰ শাৰীৰিক-মানসিক-আধ্যাত্মিক আৰু সামাজিক দিশতাে বহু পিছপৰি গ’ল কিয়নাে জনসাধাৰণৰ পৰিকল্পনাবােৰ হৈ নুঠিল।

সেয়েহে এই ২০২২ নৱবৰ্ষত সবলভাৱে বহু পৰিকল্পনা লৈ সাজু হৈছাে যাতে ক’ভিড-১৯ অতিমাৰী মাজত নাহে।২০২০-২১ৰ প্ৰত্যাহ্বান ভৰা ক’ভিড পৰিস্থিতিত আমি যি মুখামুখি হৈছিলাে, বহুতাে জ্ঞানীলােক আমাৰ মাজৰ পৰা হেৰাই গ’ল, সেইখিনি যাতে আকৌ নাহে, যদিও নতুন নামেৰে আৰু এটা বীজাণু নতুন (অ’মিক্ৰন) সংক্ৰমণৰ কথা ওলাইছে, তথাপি এই ভাইৰাছটো ক’ভিড-১৯ৰ নিচিনা ভয়াৱহ নহয়।

নতুন বছৰত বহুতাে আশা-পৰিকল্পনা নিজক লৈ, সমাজ,ৰাজ্যক লৈ, দেশক লৈ। কেৱল ভগৱানে সহায় কৰিলে সকলাে সফল হ’ব বুলি আশা কৰিছাে। এপিজে আব্দুল কালামে ২০২০ত এখন ‘সপােনৰ ভাৰতৰ কল্পনা কৰিছিল; কিন্তু হৈ নুঠিল তাৰ আগতে তেওঁ মৃত্যুবৰণ কৰিলে, মােৰাে বা আমাৰাে তেনেকৈ এখন সপােনৰ অসম তৈয়াৰ কৰিব বুলি আশা কৰিছাে।

যত নাথাকিব জাতিভেদ, সৰু-বৰৰ বিভেদ। সকলাে সমঅধিকাৰৰ গৰাকী হ’ব। বর্তমানে সমাজৰ যি উচ্ছংখলতা তাক নিকা কৰিবলৈ বিভিন্ন পৰিকল্পনা হাতত লােৱা হৈছে। এইখিনি নিকা হ’লেহে এখন সপােনৰ অসম তৈয়াৰ হ’ব।

নৱপ্রজন্ম বিভিন্ন সংগঠনৰ স’তে নিয়ােজিত হলে চিন্তাধাৰা বিকাশ হ’ব, নতুন চিন্তাধাৰাৰে সপােনৰ অসম এখন গঢ়িবলৈ আগবাঢ়ি আহিব লাগিব। অসৎ চিন্তাৰে অসৎ পথেৰে আগবাঢ়ি যােৱাসকলক বুজাই বঢ়াই মূলসুঁতিলৈ ঘূৰাই আনিব লাগিব।

নৱপ্ৰজন্মক মই এইটোৱে বার্তা দিব খােজো যে পঢ়ি-শুনি যদি সংস্থাপন হােৱা নাই হতাশাত ভুগিব নালাগে, বিভিন্ন সংগঠনৰ দ্বাৰা তেওঁলােকৰ কৰণীয়খিনি কৰি আত্মসন্তুষ্টি ল’ব লাগে।

অখিল ভাৰতীয় স্নাতক সংঘই ক’ভিডৰ সময়ত বহুতাে উদ্ভাৱনীয় কাম কৰিছে। নৱপ্ৰজন্মলৈ এনেধৰণৰ বার্তা প্রেৰণ কৰিব বিচাৰাে।

Exit mobile version