মানুহৰ মাজলৈ আগৰ দৰে গতানুগতিক জীৱন ঘূৰি আহক

দিজেন শইকীয়া

74a118e1 209d 42f1 b7cb 62989652b6ff

পােনপ্ৰথমে মই ‘দৈনিক অগ্রদূত’ কাকতখনৰ জৰিয়তে সমূহ অসমবাসীৰ লগতে ‘দৈনিক অগ্রদূত’ত কৰ্মৰত সকলাে কর্মকর্তাসকলক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলাে।

২০২২-এ কঢ়িয়াই আনক এখন স্ব-নিৰ্ভৰশীল, শক্তিশালী আৰু স্বাভিমানী অসমৰ বার্তা। ২০২০ আৰু ২১ বৰ্ষটো সকলােৰে বাবে বহুত কঠিন সময় আছিল। আহিবলগীয়া বছৰটোক লৈ মই বহুত আশাবাদী।

ক’ভিড-১৯ ফলত পৃথিৱীৰ লগতে ভাৰতৰাে সামাজিক আৰু অর্থনৈতিক দিশ বিধ্বস্ত হৈ পৰিছে। বিগত দুটা বছৰ ব্যৱসায়িক দিশত যথেষ্ট ক্ষতি কৰিছে। তাৰ বিনিময়ত আর্থিকভাৱে জুৰুলা হৈ পৰিছে ব্যৱসায়-প্রতিষ্ঠান।

নৱবর্ষ ২০২২-এ ক’ভিড সন্ত্রাসক পৰাজয় কৰি সুখ-সমৃদ্ধি কঢ়িয়াই আনক মানুহৰ মাজলৈ, আগৰ দৰে গতানুগতিক জীৱন উভতি আহক, ঈশ্বৰৰ ওচৰত প্রার্থনা কৰিছাে যেন।

অনাগত দিনবােৰ সকলােৰে ৰঙীন হৈ পৰে। তলাবন্ধৰ পাছত পুনৰ নতুন আশাৰে ব্যৱসায় আৰম্ভ কৰিছাে। নৱবৰ্ষত এইটোৱে বিচাৰাে যাতে আগৰ দৰে দিন ঘূৰি আহে আৰু ব্যৱসায় অনুষ্ঠান-প্রতিষ্ঠান পূর্ণ গতিত চলে।

নৱবৰ্ষৰ আগমনত পৰিকল্পনা বহুত আছে।যদিও ক’ভিড আমাৰ মাজৰ পৰা সম্পূৰ্ণৰূপে এতিয়াও যােৱা নাই।সেয়ে বহুত ভয়ে ভয়ে আগবাঢ়িব লগা হৈছে। পূর্বৰ দৰে যাতে পৰিস্থিতি আমাৰ মাজত আহি নপৰে তাৰ বাবে আমি সকলাে সজাগ হােৱা উচিত।

অ’মিক্ৰনে ভয়াৱহ ৰূপ ল’বলৈ বেছি সময় নালাগে। সেয়ে এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ সকলাে ক’ভিড প্ৰট’কল মানি চলক তাৰে কামনা কৰাে।

Exit mobile version