শান্তিপূর্ণ সমাজেই কাম্য

নিউটন লাংথাছা

ad210f3f 88cc 49b9 97e8 1fa67ecaf629

২০১৬ৰ পৰা মই ছবিৰ পৰিচালক হিচাপে মােৰ জীৱন যাত্ৰাৰ পাতনি মেলিলাে। সেই বছৰটোতে মই ‘হামজৌমা গিবিছে’ নামৰ এখন ডিমাছা ছবি মুকলি কৰিলাে আৰু ছবিখনে ৰাইজৰ যথেষ্ট সঁহাৰি পালে।

সেই সঁহাৰিয়েই মােক আৰু ছবি, গীত পৰিচালনা কৰি যাবলৈ উৎসাহ যােগালে। ইয়াৰ পাছতেই মই ডিমাছা পৰিচালক হিচাপে পৰিচিত হৈ পৰাে।

এই পর্যন্ত মই সাতখন ছবি পৰিচালনা কৰিছাে। মই এখন অৰুণাচলী ছবিও পৰিচালনা কৰিছিলাে ‘খােৱাহিছ’। এই ছবিখনেও অৰুণাচলত যথেষ্ট জনপ্রিয়তা লাভ কৰিছিল।

এইখনেই প্রথম স্থানীয় ছবি আছিল যিটো হাউছফুল হৈছিল, কিন্তু তলাবন্ধৰ সময়ছােৱাত গােটেই কাম স্তব্ধ হৈ গ’ল। সকলােৱে বহুত লােকচানৰ সন্মুখীন হ’ল।

সেয়ে আগন্তুক বৰ্ষক লৈ মােৰ বহুত আশা আছে। পুৰণি সময়ক পাহৰি নতুনক আদৰি ল’ব বিচাৰাে। এবছৰ লােকচান হােৱা মানে আমি ১০ বছৰ পিছুৱাই গলাে; কিন্তু এতিয়াতাে আমাৰ দুবছৰ লােকচান হ’ল।

সেয়ে যিখিনি ক্ষতি হ’ল তাৰ এশ শতাংশতাে পূৰণ কৰিব নােৱাৰাে; কিন্তু ৩০ শতাংশতকৈ বেছি কৰিব পাৰিম বুলি মই আশাবাদী। নতুন বর্ষক লৈ বহু পৰিকল্পনা আছে।

যুৱ প্ৰজন্মৰ প্রতিনিধি হিচাপে মই সমাজত প্রচলিত হিংসাৰ অৱসান ঘটি এখন শান্তিপূর্ণ সমাজ গঢ়ি উঠাটো বিচাৰাে। মই নৱপ্রজন্মকো আহ্বান জনাওঁ যে যিসকলৰ এই উদ্যোগটোত কাম কৰাৰ ইচ্ছা আছে তেওঁলােক আগবাঢ়ি আহক। আমি সকলােকে সহায় কৰিবলৈ প্রস্তুত।

Exit mobile version