শান্তিপূৰ্ণ সমাজ গঢ়ি উঠক

কস্তুৰী ডেকা

ded7b9d3 1bb4 4416 bfd2 53802c2aa743

ৰাজ্যবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জাচিলাে নিৱবৰ্ষক লৈ পৰিকল্পনা বহুত আছে। আমাৰ এটা বেণ্ড আছে ফৰকাল আমি মূলতঃ লােকসংগীত পৰিবেশন কৰাে। অতিশীঘ্ৰে অহা জানুৱাৰীত এটা গীত উন্মােচন কৰিম।

গীতটো ধৰ্ষণৰ ওপৰত আধাৰিত হ’ব। গীতিটোৰ জৰিয়তে আমি সমাজত এটা সজাগতা সৃষ্টি কৰিব বিচৰা। আশা কৰাে ৰাইজে আঁকোৱালি ল’ব। ক’ভিড পৰিস্থিতিত আমি বহু পিছ পৰি গ’লাে।

হালে বায় বুলি এটা গীত প্রস্তুত কৰিছিলাে; কিন্তু ক’ভিডৰ বাবে প্রায় দুবছৰ সময় লাগিল গীতটো সম্পূর্ণ হওতে। সংগীত হৈছে এটা চর্চা। নৱবৰ্ষত পূৰ্বৰ দৰে শান্তিপূর্ণ সমাজ গঢ়ি উঠাটো বিচাৰাে।

মানুহৰ মাজত মিলা-প্রীতি,মৰম-চেনেহ অটুট থকাতাে বিচাৰাে। সমাজত হিংসা, হত্যা নােহােৱা হ’ব লাগে। এখন শিক্ষিত সমাজ গঢ়ি উঠিব লাগে। নৱবৰ্ষৰ উপহাৰ হিচাপে ৰাইজে আমাৰ কামবােৰ আঁকোৱালি লােৱাটো
বিচাৰাে।

আমাৰ দৰে সংগীতৰ লগত জড়িত সকলােৱে যাতে ভাল ভাল কাম কৰি যায় তাৰে কামনা কৰাে।

Exit mobile version